আতাই আনি শৰণ লগোৱালে। নাসিকাৰ ৰাম আৰু সাতপুৰীয়া ৰামে
ধৰ্ম্মক ধৰি মাধৱদেৱৰ সঙ্গত ৰল। এইদৰে লাহে লাহে ঠাকুৰ আতাৰ
চেষ্টাত অনেক লোকে ধৰ্ম্মক ধৰিলেহি আৰু সেৱক অনেক বৃদ্ধি হল।
চিলাবাযৰ লোকে কিছু উপদ্ৰৱ কৰে দেখি হৰিগুৰু আৰু ৰামদাস ভুঁয়াই সুন্দৰীদিয়া এৰি ঢুসুৰি নামে ঠাইলৈ গৈ তাত ঘৰবাৰী খেতি-বাটী কৰি ৰল।
সুন্দৰীৰ পূব ভাগত বৰবিল নামেৰে এখন বিল আছে। চৰিত্ৰত আছে, এদিন শ্ৰীৰাম আতাই তাত স্নান কৰিবলৈ গৈ, হাত মুখ ধুইছে, এনেতে দেখিলে তাত ভেঙুৰাভেঙুৰি অনেক দৈত্য চৰি আছে। আতাই দেখি সচকিত হৈ ৰাম ৰাম উচ্চাৰণ কৰিলত দৈত্যবোৰ নিজম হল। তেওঁ স্নান কাৰ্য্য কৰি আহি গুৰুজনক সেই কথা জনালত, মাধৱদেৱে কলে সিহঁতক তাৰপৰা খেদাব লাগিল। এই বুলি মাধৱদেৱে এই ঘোষা গাবলৈ ধৰিলে—
“হৰি কীৰ্ত্তনৰ ধ্বনি লাগি, পলাই পাপ দশো দিশে ভাগি,
হেৰ পাইলে বুলি ভয়ত ভিৰি লৱৰে।
এক ব্ৰহ্মাণ্ডত নাপাই ঠাই, আউৰ ব্ৰহ্মাণ্ডক পলাই যায়,
নামে খেদি নেস্ত ব্ৰহ্মাণ্ডোপৰি বাগৰে॥”
এই ঘোষা গাই তেওঁৰ প্ৰেম উপজিলত, ভকতসকলে মিলি উচ্চস্বৰে তাক গাবলৈ ধৰিলে। তাৰ ধ্বনি শুনি দৈত্যসকলে ভয় খাই কোঢ়াল কৰি লৰ দি, বিলৰ দক্ষিণপাৰ খান্দি ভাঙি তাৰপৰা ওলাই গৈ কটক্ তলী- বিলৰ মাজত পৰিলগৈ। তাৰপৰা সিহঁত ক্ৰমে ছাগৰমা-বিল পাই তাত ৰলগৈ। এটা খোৰা দৈত্যই লৰি যাব নোৱাৰি খোৰাই খোৰাই লাহে লাহে যাওঁতে কৃষকৰ টঙীয়াল এজনে তাক ধৰি বান্ধি থলে। দৈত্যবোৰে খোৰা দৈত্যক যোৱা নেদেখি, শীঘ্ৰে চাৰিটা দৈত্যক পঠিয়াই দিলত, সিহঁতে খেদি আহি টঙীয়ালক মাৰি খোৰা দৈত্যক মোকোলাই লৈ গুচি গল। তেতিয়াৰপৰা বৰবিলখন বিঘিনিশূন্য হৈ নিৰ্ম্মল হল। দৈত্যবোৰে ভঙা জানটো আজিলৈকে আছে, তাক দৈত্যজান বুলি কয়।
বিষ্ণু আতাৰ ঘৰ বঙ্গদেশৰ বিক্ৰমপুৰত। তেওঁ আসামৰ কথা শুনি আসামদেশ চাবলৈ আহিছিল; বাটতে তেওঁৰ নাও বুৰি থাকি যথাসৰ্বস্ব গল। কোনোমতে নিজে সাৰি তেওঁ কামৰূপদেশৰ দক্ষিণে গৈ হয়াপুৰ,