পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৮০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৬ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ মাধৱদেৱে প্ৰতিদিন গণকুচিৰপৰা আহি গুৰুপত্নী আৰু ঠাকু- সকলৰ বুজ লৈ থাকে। শঙ্কৰদেৱৰ সাম্বৎসাৰিক শ্ৰাদ্ধ মহাসমাবদাহেৰে সৈতে সমাপিত হোৱাৰ পিছত ৰমানন্দ ঠাকৰ বসন্ত বোগ আক্ৰান্ত হল। মাকলীৰ-পো ৰাম আতৈৰৰ বসন্ত ওলাল। মাধৱদেৱে দিনে ৰাতিয়ে পাটবাউসীলৈ আহি ঠাকুৰৰ শুশ্ৰুষা কৰিবলৈ ধৰিলে। মাকলীৰ-পো ৰামকো ঠাকুৰৰ ভৰি-পথনতে নি ৰখা হল। এদিন ৰাতি মাকলীৰ-পো ৰামে ঠাকুৰক প্ৰাৰ্থনা কৰি কলে “মোকে। লগতে নিব।” ঠাকুবে কলে “ভাল, মোৰ লগতে চলিবা।” মাধৱদেৱ ওচৰতে শুই আছিল, তেওঁ এই কথা শুনি বুজিলে যে ৰমানন্দ ঠাকুৰ আৰু নাথাকে। পিছদিনা ৰাতিপুৱা ৰমানন্দ ঠাকুৰ আৰু তাৰ ক্ষন্তেকৰ পিছতে মাকলীব-পে ৰামৰ মৃত্যু হল। বাক। নাযাইৰোঁ বুলিয়া তেহে পঠাইলা আমাক॥ পুছিলওঁ কি কাৰণে ন্যইবন্ত এৰে। তেহে ৰোলা তোমাৰ ঘৰক যাওঁ যেবে। তেবে আনো বুলিবেক যাইবা আমাক। সবাৰ ঘৰক মোৰ লাগিবে যাইবাক॥ এতেকে নাযাইবো বাপু বৰক যায়োক। এহি বুলি প্ৰবোধিয়া পঠাইলন্ত মোক। শুনিয়া মাধৱদেৱে বুলিলন্ত হাসি। আনৰে তোমাৰ ঘৰ সম ভৈল আসি। নামাতলে আসিবাক লাগে আপোৰ। মাতিলে নাসন্ত ভাল বুজিলত সাৰ। আৰ আন বেলা পুনু নামাতি। এহি বুলি হৰিচৰণক দিলা হাক।”—দৈত্যাৰি। “আৰ এক দিন, ভৈল কথা যেন, কহে শুনিয়োক তাক। দামোদৰ গুৰুক মাধৱদেৱে আনি বুলিলন্ত বাক। আমি যাক দুৰ কৰোঁ তাক কেনে, দিযা ঠাই দামোদৰ। তেইে বোলা মই কাহাক খেদিম, কেহো নোহে মোৰ পৰ। মাধৱে বোলও সত্ৰ কৰি আহা, আচাৰ্য ৰূপ হই। বিধৰ্ম্ম দেখিয়া শিক্ষা নেদিবাক, তোমাৰ দুষণ নুই। তেহে বুলিল যি যত কৰে কৰে সিততা আপোনা। তাৰ দোষচয় আমাৰ লগয় কিবা হেতু দেখিবাক। তোমাক ৰদেৱে থাপিছত, তুমি সে পাৰা দেখিৰে। দোষগুণ যত, তুমিসি কত ৰাখিবে জানা খেদিবে। আমাক শঙ্কৰদেৱে থপা নাই, এতেকে জানা আমাৰ। ৰাখিবে যেদিবে, দোষক দেখিৰে নাহিকয় অধিকাৰ। আতে শতধনু ৰাজা কথা তুলি মাধৱদেৱে কহিল। পুৰাণৰ কথা বুলি দামোদৰ গুৰু তাক নামানিল। মাধৰে বোল এখৰ স্বাণীয়ে পুৰাণৰ উক্তি তুলি। টীকা কৰিলন্ত এহে নামানন্ত পুৰাণৰ কথা বুলি। দামোদৰ গুৰু বুলিলন্ত টীকা কৰতো শ্ৰী স্বামী। বীভাগৱত বিনে পুৰাণৰ কথাক নামানো আমি। অনন্তৰে দেৱ মাধৱে বোল ৰকৰ গান। পুৰাণৰ শ্লোক তুলি কৰিলন্ত শঙ্কৰদেৱে নিৰ্মাণ | তুমি বোল ইতো পুৰাণৰ কথা, আৰে আৰু কি কৰিবা। কহিও সৰ গ্ৰন্থ ৰৰ মানি কি নামানিক॥ শুনি দামোদৰ গুৰু ৰুলিলন্ত চতুৰ্ভুজ ৰূপে যেৰে। আসি ভগৱন্ত আপুনি কহ নামানিবে আমি তেৰে॥ শুনিয়া মাধৱে সজ সজ বুলি আৰ কিছু নুবুলিল। চিৰ খৱাই ভুণি ফোটা জোৰ দিয়া প্ৰযোধি বিদায় দিল। বেলন্ত তোমাৰ আমাৰ জানিবা পৰি এদিনে। পূৰ্বে এইে এত খানিকো কথা পুছিল আমাৰ অ'ৰে চতুৰ্ভুজ ৰূপৰে কথাক নামানো এই বুলিলে।” দৈত্যাৰি।