শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ 66 ঠাকুৰ আতাই আনন্দত নাচিবলৈ ধৰি কলে “গুৰুজনৰ কিনে সৰ্বানন্দ গুণ! তেওঁ কি বিচক্ষণ! গুৰুজনে তেওঁৰ পিছত ঘটিবৰ সম্ভৱ থকা সকলোৰে দন্দ ভাঙি থৈ গল।” এই বুলি ঠাকুৰ আতাই টকা যন্ত্ৰ আদি ঠগিত থৈ আগবঢ়াই সকলো সভাসদৰ মাজত মাধৱদেৱৰ আগত থৈ কলে ‘গুৰুজনে যাৰ হাতত নিজৰ জ্যেষ্ঠ পুত্ৰক সমৰ্পণ কৰি যাক জ্যেষ্ঠ পুত্ৰৰ গুক পাতিলে তেওঁৱেই আজিৰপৰা আমাৰ সকলোৰে নিজগুৰু হল।” এই বুলিলত সকলো সেৱকে হৰিবনি কৰি বাদ্যভণ্ড বজাই মাধৱদেৱক ধৰ্মৰ অধিকাৰ পদত অভিষেক কৰিলে। এই দৰে মহামহোৎসৱ সমাপনৰ অন্তত সকলো ঘৰঘৰি গল। মাধৱদেৱে গুৰুপত্নীক প্ৰণাম কবি, ঠাকুৰ- সকলক আশ্বাস কৰি, ঠাকুব আতাবে সৈতে নিজৰ থান গণককুচিলৈ গল। ইয়াৰ পিছত শঙ্কৰদেৱৰ মাহেকীয়া শ্ৰাদ্ধৰ সময় উপস্থিত হলত, মাধৱ- দেৱে সকলো সেৱকক মতাই আনি কলে যে “গুৰুৰ শ্ৰাদ্ধ মহাসমাৰহেৰে সম্পাদন কৰিব লাগে। সকলে। ভক্ত সাধু, ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰা, যাতে জগৎগুৰুৰ শ্ৰাদ্ধ উৎসৱলৈ সকলো আহে।” নিমন্ত্ৰণ পাই ব্ৰাহ্মণ সজ্জন ভক্ত সেৱক সকলো আছিল, কিন্তু দামোদৰদেৱে নাহি বহুত দ্ৰব্যবস্তু নাৱত ভাবা দি পঠিয়াই দিলে। মাধৱদেৱে দামোদৰদেৱ নহা দেখি শোধাই পঠিয়ালত, দামোদবদেৱে কলে যে “মাধৱদেৱ যেনেকৈ শঙ্কৰদেৱৰ বাক্যত ধৰ্মাধিকাৰ, ময়ো তেনে। সেইদেখি মই তেওঁৰ নিমন্ত্ৰণত শ্ৰাদ্ধলৈ নগৈ, শ্ৰাদ্ধৰ নিমিত্তে দ্ৰব্যবস্তু নাৱত ভৰা দি পঠিয়াই দিলে॥” এই উত্তৰ শুনি ৰমানন্দ ঠাকুৰদেৱে ক্ৰোধ কৰি কলে “পিতৃদেৱ গুৰুজন শঙ্কৰদেৱ মাধৱদেৱৰে সৈতে অভেদ। বামুণীপোৱে দুইকে ভেদ কৰি কয়। এতেকে তেওঁৰ বস্তুত আমাৰ প্ৰয়োজন নাই।” এই বুলি দামোদৰদেৱে পঠিওৱা বস্তুবোৰ তেওঁ মাধৱদেৱৰ আজ্ঞা লৈ নৈত ডুবাই দিলে। সেইদিনাৰপৰা আমোদৰদেৱ এৰা পৰি মহাপুৰুষীয়া সম্প্ৰদায়ৰ বাজ হল। (১) (১) আমোদৰদেৱৰে সৈতে বিচ্ছেদ হোৱা ঘটনাৰ বিৰৰণ দৈত্যাৰি ঠাকুৰ ছপা- পুথিত এইদৰে আছে,-“শুনা যেন কথা আৰো আত অনন্ত। ভৈলা মহামহোসৰ তিথি শৰ সৰে লোৰ গৈল হৰি কীৰ্ত্তন চাহিতে। গৈলন্ত মাধৱদেৱ আনন্দিত চিতে। দামোদৰ গুৰুক নেগেণি সভা মানে পুছিলা মাধৰে হৰিচৰণত আছে। নামতিলা কিন্তু দামোদৰ সভাৰু। নি কহিলত ধৰি ৰণে থাক। প্ৰভাতে ভকত পঠাইছিলো মাতিবাক। তেইে বুলি মই নপাৰে। যাইৰাক। পাছে গৈয়া আপুনি বলিলো আমি 12