শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১৬৭ গুৰী পুৰু শোকত অস্থিৰ হলত, মাধৱদেৱে তেওঁক অনেক বুজাই সান দি, ঠাকুৰৰ কাঠ সংস্কাৰ কৰিলে। ঠাকুৰৰ ভৰিপযানতে ৰামৰে। চিত। পাতি তেওঁৰ শৰ দাহ কৰা হল। ইয়াৰ পিছত ঠাকুৰৰ শ্ৰদ্ধাদি কাৰ্য বিবিৱতে সমাপন কৰা হল। মাধৱদেৱে দিনৌ পাটবাউসীলৈ আহি গুৰুপত্নী আৰু ঠাকুৰসকলৰ বুজ-বাজ লৈ থকা দেখি, এদিন শঙ্কৰদেৱৰ খুৰাকৰ পুতেই ৰতিকান্তই মাধৱদেৱক খংকৈ কলে “তুমি উদাসীন মানুহ, তুমি কিয় দিনৌ পাটবাউ- সীলৈ দদাৰ ঘৰলৈ যোৱ? তোমাৰ বেয়া নালাগে নে?” এই বচন শুনি মাধৱদেৱে বৰ বেজাৰ পাই বেহাৰলৈ গুচি যাবৰ মন কৰি এদিন গুৰুপত্নীক কলে “আই, মই বেহাবলৈ যাবলৈ ইচছা কৰি আপোনাৰ ওচৰত বিদায় লবলৈ আহিছে। বতিকান্তকে আদি কৰি আপোনাৰ বংশৰ গিৰীসকলে অসূযা কৰি মোৰ প্ৰতি বৰ বেয়া বচন প্ৰয়োগ কৰিছে; এতেকে তেওঁলোকব ওচৰ এৰি দূৰ হৈ যাবলৈ থিৰ কৰিছে। এইকথা শুনি গুৰুপত্নীযে বব খেদ কৰি মাধৱদেৱক কলে ‘বাপু তুমি কিয় যাব লাগিছে; কাউৰীৰ বাক্যত কিয় স্থান এৰিবা। তুমি গলে তিনটি বালকেৰে সৈতে মোক কোনে প্ৰতিপাল কৰিব? তথাপি যদি তুমি নিলগ হৈ যাব খুজিছা তেন্তে সুন্দৰীত থাকাগৈ।” গুৰুপত্নীৰ কথা শুনি মাধৱ- দেৱে কলে “আই, সুন্দৰীলৈ গলে গুৰুবাক্য পৰে; শঙ্কৰদেৱে পূৰ্বে মোক সুন্দৰীলৈ যাবলৈ মানা কৰিছিল।” গুৰুপত্নীয়ে শুধিলে “তুমি মোক কি বুলি মা?” মাধৱে উত্তৰ দিলে “আপোক গুৰুপত্নী জগত জননী বুলি মাননা।” এই উত্তৰ শুনি গুৰুপত্নীয়ে হাঁহি মাধৱক কলে “তেন্তে তুমি মোৰ আজ্ঞাত সুন্দৰীলৈ যোৱ॥ সুন্দৰীৰ সুন্দৰীহঁতে তোমাক মুহিব নোৱাবে ববং তোমাক দেখি তোমাৰ প্ৰভাৱত সিহঁত ভকতি আচৰণ কৰি দূৰ হৈ থাকিব। এতেকে তুমি সুন্দৰীত থাকাগৈ।” গুৰুপত্নীৰ এই আদেশ শুনি মাধৱদেৱে গণককুচি এৰি সুন্দৰীদিয়ালৈ গৈ বৈনায়েক বামদাসৰ ঘৰত থাকিবগৈ। সুন্দৰীদিয়াত তেওঁৰ ভনীয়েক উৰ্বশীয়ে তেওঁক অতি যতন কবি সেৱা শুশ্ৰুষা, কৰিবলৈ ধৰিলে। ভাগিনীয়েক ঘামচৰণ ঠাকুৰে তেওঁক চাউল সিজাই দিয়ে আৰু মাধৱদেৱে ভুঞ্জি সুখেৰে তত নিবাস কৰিবলৈ ধৰিলে।