১৬৪ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ দহাৰ বাতৰি শুনি সকলে। আহিব। দ্ৰব্যবস্তুৰ একো আয়োজন নাই। এতেকে কেনেকৈ দয়া হয়, কি কৰা যায়। মাধৱে গুৰুপত্নীক কলে “আই আপুনি চিন্তা নকৰিব, মই সকলো দ্ৰব্যবস্তুৰ আয়োজন কৰি আনিছে, দহ কাৰ্য্য সুন্দৰৰূপে সম্পন্ন হব।” ইয়াৰ পিছত গুৰুপত্নীয়ে স্নানকাৰ্য্য কৰি মাধৱদেৱক কলে “বোপা, যেনে মতে যি কৰিব লাগে কৰ, মই অনাথিনী বিমোৰত পৰিছে॥” মাধৱদেৱে ৰাতিয়েই ভকতসকলক ঠায়ে ঠায়ে পঠিয়াই সকলোকে খবৰ দিয়ালে। প্ৰভাততে নাৰায়ণ ঠাকুৰে আহি ডাঙৰকৈ ৰভা এখন সজালে; নানা দ্ৰব্য বস্তু লোকজন নিয়োজন কৰিলে; মহা সমাৰেহেৰে দহাৰ কাৰ্য্য সুসম্পন্ন হল। ৰমানন্দ ঠাকুৰে ৰামৰাম গুৰুক লগত লৈ পিণ্ডৰ কাৰ্য্য সমাধা কৰি শুদ্ধ হৈ আহি বহিলত, মাধৱ- দেৱে সেৱকসকলেৰে সৈতে হৰি-কীৰ্তন কৰিলে। ইয়াৰ পিছত ব্ৰাহ্মণ ভক্ত সকলোকে নিয়মমতে ভোজন কৰোৱা হৈ মহামহোৎসৱ সম্পাদিত হল। ঠিক এনে সময়তে নাৰায়ণদাস ঠাকুৰ আতাই ৰমানন্দ ঠাকুৰক শুধিলে “ঠাকুৰদেৱ, তোমাক এটি কথা শশাধে; তুমি গুৰুজন শঙ্কৰদেৱৰ বৰ পুত্ৰ, দ্বিতীয় শঙ্কৰ, সৰ্বগুণলঙ্কত। শ্ৰীমন্ত শঙ্কৰগুৰুৱে চলিবৰ সময়ত কাক কি বাক্য বুলি গল তুমি অনুগ্ৰহকৈ আমাক কোৱাচোন, আমি খেদ-সাগৰৰপৰা তৰে?” ৰমানন্দ ঠাকুৰে উত্তৰ দিলে “পিতৃদেৱ চলিবৰ সময়ত মই তেওঁৰ চৰণত পৰি চৰণৰ খুলি মূৰত লৈ কাতৰ কৰি তেওঁক কলো,-পিতা, মই একো নাপালো। মোৰ কথা শুনি পিতৃদেৱতাই কলে-ধন পোণ সকলো দ্ৰব্যবস্তু তোমাৰ মাতৃৰ হাততে আছে, আৰু তুমি কি নাপালোঁ বুলি কৈছা?” মই কলো, ‘পিতা, মই পাৰ্থিব ধন- সম্পত্তি বিচৰা নাই, পৰকালৰ বিত্তহে বিচাৰিছোঁ।” এই কথা শুনি পিতৃদেৱতাই সন্তোষ লভি মোক কলে ‘বাপু, ৰমানন্দ, আজিৰ পৰাহে আমাৰ পিতা পুত্ৰৰ সমন্ধ ঘটিল। এতিয়া মোৰ অন্তকাল, শৰীৰ বিকল; এতেকে এই সময়ত তোমাক একো তত্ত্বৰ কথা কব নোৱাৰে। মাধৱক মই মোৰ শক্তি ভক্তি বল বীৰ্য পৰাক্ৰম সকলো সমৰ্পণ কৰি আহিছে॥ তেওঁক তুমি শিষ্য ভাই বুলি ভাবি গুৰু বলি মানিবা। তুমি তেওঁক মোৰ প্ৰতিনিধি বুলি তেওঁৰপৰাই ভক্তিধৰ্মপথৰ উপদেশ লভিবা।'—এতেকে শুনা নাৰায়ণদাস, মাধৱৰ বাহৰে মোৰ আৰু কোনো গুৰু নাই।” এই কথা কৈ ৰমানন্দ ঠাকুৰ মৌন হলত, সকলোৰে মনত ৰজ হল; নাৰায়ণদাস