কত পুণ্যে লভিলোঁ গুণৰ নিধি শ্যাম।
বঞ্চিয়া নিলেক নিকৰুণ বিধি ৰাম॥
শ্যাম কানু বিনে মোৰ নাৰহে জীৱন।
হা শ্যাম বুলিতে আকুল কৰে মন॥
দিৱস নাযায় সুখে নাযায় ৰজনী।
চান্দ চন্দন মন্দ পধন বৈৰীনি॥
কোথা যাওঁ কোথা থাকো কিবা কৰে মন।
কানাইৰ নেওচনি দিওঁ সবে বন্ধুজন॥
শ্যাম কানু বিনে জীৱনৰ কিবা কাজ।
বিৰহ অনল জ্বলে হৃদয়ৰ মাজ॥
নাজানো দাৰুণ বিধি কি কৰে বিপত্তি।
কহয় মাধৱ ৰঙা পদে মোৰ গতি॥”
গীতটি গোৱা শেষ হৈছে, এনেতে ৰমানন্দ ঠাকুৰ আহি মাধৱদেৱৰ ওচৰ পালেহি। ঠাকুৰে মাধৱক প্ৰণাম কৰি কান্দি পিতৃবিয়োগ বাৰ্তা জনাই সকলো বৃত্তান্ত আগৰপৰা গুৰিলৈকে প্ৰপঞ্চি কলে। ঠাকুৰে আৰু খেদ কৰি কলে—“কাইলৈ দহাৰ দিন, একো দ্ৰব্যবস্তুৰ যোগাৰ নাই।” এই কথা শুনি মাধৱদেৱে ঠাকুৰক সান্ত্বনা দি কলে “তুমি একো চিন্তা নকৰিবা, মই সকলো দ্ৰব্যবস্তুৰ আয়োজন কৰি থৈছোঁ দধি, চাউল, ঘৃত, গুড়, মগুমাহ, চিৰাচুৰ সকলো প্ৰস্তুত আছে, লৈ মই যাব লাগিছোঁ।” এই বুলি মাধৱদেৱে সকলো দ্ৰব্যৰ নাৱত ভৰাই লৈ ঠাকুৰেৰে সৈতে পাটবাউসীলৈ গল। পাটবাউসীৰ ঘাট পাই তেওঁ ঠাকুৰক আগকৈ ঘৰলৈ পঠিয়াই দি পিছে পিছে গল। তেতিয়া ৰাতি এপৰমান হৈছিল; ঠাকুৰ মাতৃ শয্যাত শয়ন কৰি আছিল। ঠাকুৰে বাহিৰৰ পৰা “আই” বুলি মাত লগালত তেওঁৰ মাতৃয়ে মাত বুজি লৰালৰিকৈ বাহিৰলৈ ওলাই আহি দেখিলে—ঠাকুৰৰ মুৰত গামোছা বন্ধা। মাতৃয়ে তেনে দেখি পুতেকক শুধিলে “বাপু, কেনে কথা। মোৰ গোসাঁই কি হল ক মোৰ বোপাই ?” ৰমানন্দই কলে “আই আৰু শুধিব নালাগে। পিতৃ বৈকুণ্ঠ-প্ৰয়াণ কৰিলে! আজি ৯ দিন।” এই কথা শুনি মাতৃ মুচ্ছিত হৈ পৰিল। কিছু ক্ষণৰ মুৰত তেওঁ জ্ঞান গাই বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। মাধৱদেৱে অনেক প্ৰবোধ দি তেওঁক থিৰ কৰিলত, মাতৃয়ে কলে “গুৰুজন খ্যাতিমন্ত। তেওঁৰ