১৬২ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ দুয়ো অভোজনে বল। সেৱকসকলে শঙ্কৰদেৱব শৱ মহাসমাবেহেৰে সৈতে লৈ গৈ কাকতটাৰ পাৰত আমি কাঠেৰে চিত প্ৰস্তুত কৰি তাত স্থাপন কৰিলে। বনানন্দ ঠাকুৰে মখাগি কবিলে। চন্দন কাষ্ঠ আৰু ঘৃতাদিৰ যোগত ধম্ ধম্ কবে আকাশ লঙিঘ জুই উঠিল আৰু অলপ সময়ৰ ভিতবতে কাঠসংস্কাৰ কাৰ্য সম্পাদিত হল। শঙ্কৰদেৱৰ শৱ দাহ কৰিবৰ নিমিত্তে কৰা চিতৰ যি চাবিটা আম কাঠৰ গোজ পোতা হৈছিল তাতে এটাৰপৰা গনি মেলি, ক্ৰমে সেয়ে এজোপা প্ৰকাণ্ড আম গছ হৈ পৰিল। সেই ছ জাপা তিনি শ বছৰ জীয়াই আছিল। তাৰ পিছত সেই গছজোপা মৰি ভাগি পবিলত, তাব মূহ। ফুটি তাৰপবা এজোপা আম গছ হল। কতকালৰ পিছত সেই আমৰাজোপা মবিলত, তাৰ মুহাৰপৰা চোমগছ এজোপা গজি ওলাল। শঙ্কৰদেৱে আউজা টেপৰ গছজোপা সেৱকসকলে বব যতকৈ ৰাখিছিল। ১৭৭০ শকৰ আহিন মাহত টোৰোচা নৈৰ পানী হঠাৎ বাঢ়ি আহি কাকত- কুটা নৰি সুতীয়েদি সোমাই গৈ দুদণ্ডৰ ভিতৰতে সেই ঠাইব সত্ৰখন খহাই নিলে, আৰু তাৰ লগে লগে সেই গছ দোজোপা নাইকিয়া হল। শঙ্কৰদেৱৰ শৱৰ কাষ্ঠ-সংস্কাৰ আদি কাৰ্য হৈ যোৱাৰ পিছত নৰনাৰায়ণ ৰজাই দুত পঠাই দি ৰমানন্দ ঠাকুবক কোৱালে যে ‘মই সকলে দ্ৰব্য বস্তু দিওঁ, গুৰুজনৰ শ্ৰাদ্ধবিধি ইয়াতে কৰি, তুমি পাছত ঘৰলৈ যাবা।” ঠাকুৰে ৰজালৈ জনাই পঠিয়ালে-“আমাৰ ইয়াত জ্ঞাতি কুটুম্ব কোনো নাই, কেনেকৈ ইয়াত শ্ৰাদ্ধাদি কৰা হব। মহাৰাজে অনুগ্ৰহ কবি মোক সোকালে নৌকা দিয়ক, মই পাটবাউসীলৈ গৈ তাত পিতৃদেৱৰ শ্ৰাদ্ধাদি কাৰ্য্য সমাপন কৰো, বিশেষ তাত পিতৃদেৱব প্ৰধান শিষ্য মাধৱদেৱ আছে, সেই নিমিত্তে তালৈকে যাবলৈ মোক অনুমতি দিয়ক।” বজাই ঠাকুবব এই প্ৰাৰ্থনা দূতব মুখে শুনি তেতিয়াই খেলনাও পঠিয়াই দিলে; তাতে উঠি ৰমানন্দ ঠাকুৰ দিনে বাতিয়ে আহিবলৈ ধৰিলে। ন দিনব দিনা গলি পবত ঠাকুব গণককুচি পালেহি। মাধৱদেৱ ঠিক সেই সময়তে আগবাঢ়ি আহি-বাটত থিয় হৈ আছিল। ঠাকুব নাৱৰপৰা উঠি অহা মাধৱদেৱে দুৰৰপৰা দেখি এই গীতটি “আলোকন” কবি গালে “আলো মই কি কহৰ দুখ। পবাণ নিগবে নেদেখিয়া চান্দ মূখ।