পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কৰিলে “পিতৃদেৱ, মই একো নাপালো।” এই কথা শুনি শঙ্কৰদেৱে তেওঁক কলে “বাপু ৰমানন্দ, সোণ, ৰূপ, কাঁহ, আৰু আন আন সকলো বস্তু তোমাৰ মাৱৰ হাতত আছে; এই ঠাইতো যিমান ধন সম্পত্তি পাই- ছিলোঁ, শুক্লধ্বজ ৰজাৰ ৰাণী ভুবনেশ্বৰীকে আদি কৰি এশজনা ৰাণীৰপৰা যি এশজোৰ সাজ পাইছিলো সেই সকলোবোৰ তোমাৰ হাততে আছে। আৰু তুমি কি খুজিছা কোৱা?" পিতৃৰ এই কথা শুনি ৰমানন্দ ঠাকুৰে সবিনয়ে কলে “পিতা, পৰকালৰ বিত্ত মই একো নাপালো; মই সেই বিত্তহে খুজিছোঁ।” এই কথা শুনি শঙ্কৰদেৱে পুতেকক ধন্য ধন্য বুলি প্ৰশংসা কৰি কলে ‘বাপু, এই দ্ৰব্য খুজি তই মোক আনন্দ দিলি। মই জানিছিলো, তই মোৰ সাংসাৰিক সমন্ধৰহে পুত্ৰ; এতিয়াহে তোৰে সৈতে মোৰ আচল পিতা পুত্ৰৰ সমন্ধ ঘটিল। কিন্তু বাপু, এই সময়ত মোৰ শৰীৰ বিকল হৈ পৰিছে।, তই আৰু সেই দ্ৰব্যৰ নিমিত্তে খেদ নকৰিবি। বঢ়াৰ-পোৰে সৈতে মোৰ কোনো ভেদ নাই। বঢ়াৰ-পোক মই যেনেকৈ মোৰ শক্তি ভক্তি বল বীৰ্য্য পৰাক্ৰম সকলো সমৰ্পণ কৰি আহিলো তই স্বচক্ষে দেখিলি। এতেকে তই বঢ়াৰ-পোক মোৰ স্বৰূপ জানি গুৰু বুলি মানি তেওঁৰপৰা ধৰ্ম্মবস্তুক লভিবি।” ইয়াৰ পিছত শঙ্কৰদেৱে অনাচাৰী গুৱালৰ দৃষ্টান্ত কৈ, নিজৰ চিত্ত ঈশ্বৰত সমৰ্পণ কৰি, গীত, ঘোষাৰ পদ যি যি উচ্চাৰণ কৰিব লাগে তাক উচ্চাৰণ কৰি, টেপৰ গছত আউজি গাইপতি যাক যেনেকৈ মাত-বোল লগাব লাগে সকলোকে সেইদৰে মাত বোল লগাই বিদায় লৈ, ১৪৯০ শকত ভাদৰ শুক্লা দ্বিতীয়া তিথিত দিনৰ- ডেৰপ্ৰহৰত নশ্বৰ দেহ পৰিত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰিলে।

 গুৰুজন চলা দেখি সকলে৷ সেৱক শোকাকুল হৈ পৰিল। দূতৰ মুখে নৰনাৰায়ণ ৰজাই অকস্মাৎ ঘটা এই শোকৰ বাতৰি শুনি মহা খেদ কৰি বাগৰি বাগৰি কান্দি কলে “হায়। মই অনাচাৰী ৰজা দেখি গুৰুজনে মোক শৰণ নিদি গুচি গল; আৰু বা তেওঁ কতদিন এই পৃথিবীত থাকিল- হেঁতেন।” ৰজাই তেতিয়াই বিস্তৰ ঘিউ, চন্দন আৰু আগৰ-কাঠ ৰাজ- ভঁৰালৰপৰা, শঙ্কৰদেৱৰ শৱ দাহৰ নিমিত্তে পঠিয়াই দি, নিজে ভূমিপাৱে ভায়েক চিলাৰায়ৰে সৈতে আহি, শঙ্কৰদেৱৰ পাৱত পৰি ক্ৰন্দন কৰিবলৈ ধৰিলে। তাৰ পিছত ৰজা তাৰপৰা আহি, সেইদিনা “আইধাইৰে সৈতে