ধৰিলত শঙ্কৰদেৱে কোনোমতে সাৰিব নোৱাৰি, সুমধুৰভাৱে ৰজাক কলে
“মহাৰাজ, আপোনাৰ যদি নিতান্ত শৰণ লবৰ মন হৈছে, তেন্তে কাইলৈ
আপুনি উপবাসে থাকক, পৰশুইলৈ ঈশ্বৰে কৰিলে, শৰণ দিবলৈ অহা
হব। অৱশ্যে ঈশ্বৰেহে সকলো কাৰ্য্য সিদ্ধি অসিদ্ধি কৰে। এতেকে
পৰশুইলৈ যদি ঈশ্বৰে সিদ্ধি কৰে, আপোনাৰ মনস্কামনা সিদ্ধি হব পাৰে।”
এই বুলি শঙ্কৰদেৱে ৰজাৰ ওচৰত বিদায় লৈ নিৰানন্দ মনে কাকতকুটালৈ
আহিল। ৰজাই শৰণ লব খুজিছে, তেওঁৰ ভক্তিৰ পাত্ৰ আৰু সন্মানৰ
গুৰু শঙ্কৰদেৱে তেওঁৰ জ্যেষ্ঠভ্ৰাতা মহাৰাজ নৰনাৰায়ণৰে গুৰু হৈ ৰজা-
ঘৰীয়া সন্মান লভিব, এই বাতৰি শুনি শুক্লধ্বজৰ আনন্দৰ পাৰ নোহোৱা
হৈ তেওঁ শঙ্কৰদেৱক কলে “আজি মোৰ কি আনন্দ। এতিয়াৰপৰা দদাও
আমাৰ সঙ্গী হল।” চিলাৰায়ৰ আনন্দ উচ্ছাস শুনি শঙ্কৰদেৱে একোকে
নামাতি তেওঁৰ নিজৰ থানলৈ গল। “আমাৰ গুৰুজন শঙ্কৰদেৱ ৰজাৰ গুৰু
হব, আজিৰপৰা আমাৰ সকলো দুখ গুচিব, এই বুলি সকলো সেৱকে
আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে। শঙ্কৰদেৱে স্নান, নাম প্ৰসঙ্গ আৰু
ভোজন আদি কৰি থাকিল।
পিছদিনা ৰজাই ব্ৰতে উপবাসে থাকি মনোৰম কৰি দিব্য নতুন ঘৰ এটি নিৰ্ম্মাণ কৰলে। তাৰ পিছদিনা তেওঁ পুৱা শুচি সঞ্জমন হৈ শঙ্কৰদেৱক আনিবলৈ দুত পঠিয়াই দিলে। ঠিক এই সময়তে শঙ্কৰদেৱৰ বুঢ়াআঙ্গলিত ফোৰা এটাই দেখা দিলে। ভকতসকলে আহি তেওঁক জনালে যে ৰজাই তেওঁক লৈ যাবলৈ দূত পঠিয়াই দিছে। শঙ্কৰদেৱে তেওঁৰ আঙ্গুলিত হোৱা ফোৰাটোৰপৰা বৰকৈ পীড়া পাই থকাত কলে যে “মই যাব নোৱাৰিম, মোৰ বৰ পীড়া হৈছে, ৰজাক জনোৱাগৈ।” দূতে তেতিয়াই উভতি গৈ ৰজাক সেই বাতৰি দিলেগৈ। দূত গলতে ইফালে শঙ্কৰদেৱে ভক্তসকলক কলে “যাব লাগে যদি মই একেবাৰেই যাম;” এই বুলি তেওঁ কমণ্ডলুটি লৈ মুখ প্ৰক্ষালন কৰি, নতুন বস্ত্ৰ পৰিধান কৰি, টেপৰ গছৰ তলত শয্যা পতাই, পুব মুখে পদ্মাসন কৰি বহিল। সেৱকসকলে ভাবিছিল যে গুৰুজনে ৰজাৰ ঘৰলৈ যাবলৈ হে হাত মুখ ধুই নতুন কাপোৰ পিন্ধি এনেকৈ প্ৰস্তুত হৈছে; কিন্তু এতিয়া তেওঁ তেনে কৰা দেখি সকলো সেৱকে বিস্মিত হৈ তেওঁক আৰৰি ধৰিলে। এনে সময়তে ৰজাৰ ঘৰৰপৰা আকৌ মানুহ আহি পালেহি। ৰমানন্দ ঠাকুৰে পিতৃৰ চৰণত পৰি সকাতৰে প্ৰাৰ্থনা