চতুৰ্ব্বিংশ অধ্যায়
শ্ৰীশঙ্কৰদেৱৰ বৈকুণ্ঠ-প্ৰয়াণ
বেহাৰত শঙ্কৰদেৱ এইদৰে আঢ়ৈ বছৰ ধৰ্ম প্ৰচাৰ কৰি, ৰজাৰ ওচৰলৈ গৈ কৃষ্ণকথা আলাপন কৰি আছে। দিনে দিনে ৰজাৰ শ্ৰদ্ধা ভক্তি শঙ্কৰ- দেৱৰ ওপৰত বাঢ়ি আহিবলৈ ধৰিলে। এদিন শঙ্কৰদেৱে ৰাজসভাত বহি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকোতে, নৰনাৰায়ণ ৰজাই তেওঁক ঈশ্বৰৰ ৰূপ মস্তকৰপৰা পদপঙ্কজলৈকে বৰ্ণনা কৰিবলৈ কলত, ঈশ্বৰ কৃষ্ণৰ ৰূপ শঙ্কৰদেৱে বৰ্ণনা কৰিবলৈ ধৰিলে। বৰ্ণনা শেষ হলত, ৰজাই হঠাৎ শঙ্কৰদেৱক থিয় দিবলৈ কলত, শঙ্কৰদেৱ থিয় হল, ৰজাই শঙ্কৰদেৱক ভালকৈ নিৰীক্ষণ কৰি সেই বৰ্ণিত ৰূপ শঙ্কৰদেৱৰ গাতে দেখিলে। তেতিয়াই ৰজাই বিনয় কৰি শঙ্কৰদেৱক কলে “বাপ, মোক শৰণ দি উদ্ধাৰ কৰিব লাগে। আপোনাৰ গাতে আপুনি বৰ্ণোৱা ঈশ্বৰৰ ৰূপ মই প্ৰত্যক্ষ দেখিলোঁ।" শঙ্কৰদেৱে বিনম্ৰভাৱে ৰজাক কলে “মহাৰাজ, আপুনি কেনেকৈ আমাৰ এই নিৰহ-নিপানী নিৰীহ ধৰ্ম্মক ধৰিব; আপুনি ৰজা, আপোনাৰ অন্য দেবী দেৱ পূজা নকৰিলে নচলে। অন্য দেৱ দেবী পুজা নকৰিলে আপোনাৰ ৰাজ্যত বিঘিনি ঘটিব পাৰে।” ৰজাই উত্তৰ দিলে “বাপ, মই তালৈ অলপো ভয় নকৰোঁ। এতেকে আপুনি মোক শৰণ দিয়ক।” ৰজাই দৃঢ়ভাৱে কোৱা এই কথা শুনি শঙ্কৰদেৱে কলে “মহাৰাজ, মই ৰজাৰ গুৰু, স্ত্ৰীৰ গুৰু, যাজক ব্ৰাহ্মণৰ গুৰু, আৰু সুচকজনৰ গুৰু নহওঁ বুলি কৈছোঁ। এতেকে মোক ক্ষমা কৰিব। ৰজাই কলে “যি বেদৰ পন্থ নামানে সেইসকলৰ প্ৰতি প্ৰয়োগ কৰিহে আপুনি তেনে বচন বুলিছে; এতেকে কায় বাক্য মনে মই নিশ্চয় কৰিলো, আপুনি মোক শৰণ দিব লাগে; মই আপোনাৰ ধৰ্ম্ম ধৰিবৰ নিমিত্তে বৰকৈ আশা কৰিলো, আপুনি মোক নিৰাশ নকৰিব।” ৰজাই এনেকৈ কেৰ্ জেৰকৈ