এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শীদেৱ আৰু শীদেৰ সেইদিনা মাধৱদেৱ শঙ্কৰদেৱৰে সৈতে তাতে থাকি, পিছদিনা প্ৰভাততে উঠি স্নান নাম-প্ৰসঙ্গ ভোজন গুৰুৰ তাতে কৰি আঁতাই গণককুচিলৈ আহিবলৈ বিদায় বলত, শঙ্কৰদেৱে কলে “শুনা বঢ়াৰ পো, আগত বৰ্ষত, এই মাহ এই দিনত, মোৰ নিমিত্তে পাঁচ সাত খোজ কাঢ়ি আগ বাঢ়ি আহি মোৰ মনৰ কামনা সফল কৰিবা। এতিয়া নিজৰ ঠাইলৈ যোৱ॥" মাধৱদেৱে বিষাদিত মনেৰে আহি অনুক্ৰমে গণককুচি পালেহি। তেওঁ পাটবাউসীলৈ গৈ গুৰুপত্নীৰ আগত শঙ্কৰদেৱৰ বয়-বাতৰি সকলোবোৰ কলত গুৰুপত্নীয়ে মনত অনেক সান্ত্বনা পালে। ইয়াৰ পিছত মাধৱদেৱে সময়ে সময়ে অনেক গীত ভটিমা নাট আদি শাস্ত্ৰ ৰচনা কৰি ঠায়ে ঠায়ে সেইবোৰ থাপিলে।