নোৱাৰিলে। তেওঁৰ “দদা দাদীয়ে ধৰ্ম্মক নধৰিলে, আৰু তাৰ আন
কোনো মানুহেও নধৰিলে। ধৰ্ম্মৰ কথা শুনিবলৈ কোনেও আগ্ৰহ প্ৰকাশ
নকৰে, বৰং ধৰ্ম্ম ধৰাৰ কথা শুনি নিন্দাহে কৰে। “বিনা বংশী কৰতাল।
ভাতে নাটে চিৰকাল।” এই প্ৰবচন মাতি বাণ্ডুকাৰ লোকসকল ধৰ্ম্মৰ
প্ৰতি বিমুখ হল। মাধৱদেৱ ব্যৰ্থমনোৰথ হৈ বুঢ়ীদশম পুথিখনি মাথোন
লৈ উভতিল। তেওঁ বাটত আহোঁতে এখন নৈ পাই দেখিলে যে পাৰ
হবলৈ নাও নাই। নৈখন তৰাং বুলি তেওঁ পানীত নামি গল; তেওঁৰ
হাতত দশম পুথিখন। এনেতে এজনী বুঢ়ী তাতে কৰবাৰপৰা ওলাই
তেওঁক কলে “নাযাবা নাযাবা, বৰ দ পানী, তুমিও তিতিবা আৰু শাস্ত্ৰখনো
নষ্ট হব। এপাক ঘুৰি বালিয়েদি গুচি যোৱ॥"
এই বুলি কৈ বুঢ়ী অদৰ্শন হল, মাধৱদেৱে চাৰিউফালে চায়ো আৰু বুঢ়ীক নেদেখিলে। মাধৱে ধন্য ধন্য বুলি বঢ়ীক উদ্দেশ্য কৰি কলে “তোমাৰ নিমিত্তেই আজি মই পানীত বুৰি নমৰিলোঁ, আৰু এই শাস্ত্ৰখনও ৰক্ষা পৰিল। তুমি এই শাস্ত্ৰখন ৰক্ষাৰ কাৰণ হলা, সেইবাবে আজিৰপৰা ইয়াৰ নাম ‘বুঢ়ী-দশম’ দিলোঁ।” ইয়াৰ পিছত তেওঁ শিৱানন্দ লঙ্কৰৰ ঘৰৰ ওচৰ পাই, লোকক শুধিলে, আৰু আন বাট আছে নে নাই। লোকে কলে “আৰু এটা বাট আছে কিন্তু সেই বাটেদি গলে এপৰ বেলিৰ ঘুৰণ হব। শিৱানন্দৰ ঘৰৰ কাষেদি যদি যোৱা তেনেহলে দুই দণ্ডৰ মুৰতে কাকত-কুটা পাবগৈ।” মাধৱদেৱে শিৱানন্দৰ ঘৰৰ কাষৰ বাটেদি নগৈ, সেই দীঘলীয়া বাটেদি ঘুৰি গৈ গধুলি বেলিকা কাকতটা পালেগৈ। কাকত-কটা পাই তেওঁ শঙ্কৰদেৱৰ চৰণত সেৱা কৰিলত, শঙ্কৰদেৱে তেওঁক শুধিলে “বাপু বঢ়াৰ পো, তুমি ভালে কুশলে আহিলা তো?” মাধৱে কলে “বাপ, আপোনাৰ কৃপাত ভালে আহিলো। কিন্তু আপুনি শিৱানন্দৰ ঘৰলৈ মোক যাবলৈ কৈছিল। মই আপোনাৰ আজ্ঞামতে তেওঁৰ ঘৰত বহিলত তেওঁ মোক কলে “তুলি উভতি যাবৰ সময়ত মোৰ ঘৰত সোমাই যাবা, প্ৰৱত্তিবলৈ কিছু দ্ৰব্য বস্তু দিম।” শিৱানন্দই মোক লুভীয়া বুলি ভাবি পৰীক্ষা কৰিলে। ঘুৰি আহিবৰ সময়ত সেইদেখি তাৰ ঘৰত নোসো- মাই তাৰ ঘৰৰ কাষেদি যিটো বাট সেইটোৱেদিও নাহি ঘুৰণ বাটেদিহে আহিলোঁ।” এই কথা শুনি শঙ্কৰদেৱে দুখিত হৈ কলে “শিৱানন্দই কি কামটো কৰিলে! মোৰ বঢ়াৰ পোৰ অপৰাধী হল।”