পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৬ শীশৰদেৱ আৰু মাধৱদেৱ উলিয়াই লয়, আৰু গোটা বাঁহ হাতেৰে মোহাৰি তাক ধৰি কৰি লৈ তাৰ দুই ধৰে।” শঙ্কৰদেৱৰ বুধি মতে ৰজাই মালক সেইদৰে সিধা দিয়াই কোৱালত, মালহঁতে ভাবিলে “এই দেশৰ মাল আমাতকৈ বহুত বৰ; ইহঁতৰ লগত যুজিলে আমি হাৰি মৰিব লাগিব। এতেকে বলইক এতিয়াই পলাই যাওঁহক, নতুবা ৰজাই নেৰে, ইহঁতৰে সৈতে আমাক বুজাব।” এই বুলি সিহঁত তেতিয়াই লৰালৰিকৈ পলাই গুচি গল। ৰজাই এনে হোৱা শুনি শঙ্কৰদেৱৰ বুদ্ধিৰ প্ৰশংসা কৰিবলৈ ধৰিলে। এইদৰে শৰদেৱ বেহাৰত থকা ডেৰ বছৰ হল। মাধৱদেৱ গণক কুচিত। এদিন মাধৱদেৱে ভাবিলে যে বাঙুকাত তেওঁৰ ককায়েকৰ ঘৰত বুঢ়ী-দশম পুথিখন ৰল; আৰু তেওঁৰ ককায়েক আৰু বৌৱেকহঁতও আশৰণীয়া হৈ আছে; এতেকে তেওঁ এবাৰ বাকালৈ যোৱা উচিত। আৰু যাওঁতে বাটত শঙ্কৰদেৱৰে সৈতে দেখা কৰিও যাব পাৰিব। ইয়াকে ভাবি তেওঁ বাণ্ডকালৈ যাবলৈ মনোগত কৰি যাত্ৰা কৰিলে। কিছুমান দিনৰ মুৰত তেওঁ শঙ্কৰদেৱৰ আগত উপস্থিত হলত, তেওঁক দেখি শঙ্কৰদেৱৰ আনলৰ পাৰ নোহোৱা হল। মাধৱদেৱে শৰদেৱৰ পাৱত পৰি প্ৰণাম কৰিলত, শঙ্কৰদেৱে কুশল বাৰ্তা শুখি, তেওঁ কিয় আহিল সোধাত, মাধৱ- দেৱে ৰাণ্ডকালৈ যাবলৈ আহিলোঁ বুলি কৈ মনৰ অভিপ্ৰায় ব্যক্ত কৰিলে। শঙ্কৰদেৱে কলে “বাৰু আহিছ৷ যেতিয়া যোৰ, কিন্তু কাৰ্য সিদ্ধি নহব। বঢ়াৰ পো, এটি কাম কৰিবা, বাটত মোৰ সেৱক শিৱানৰ লৰৰ ঘৰ পাবা, তেওঁৰ ঘৰত অলপ বহি তেওঁক দেখা দি যাব॥” মাধৱদেৱে “তাল" বুলি কৈ, গৈ অনুক্ৰমে শিৱানন্দ লঙ্কৰৰ ঘৰ পালেগৈ। শিৱানলই মাধৱক সমাদৰ কৰি আগবঢ়াই আনি প্ৰণাম কৰি বহুৱালে। কিছুমান বেলিৰ মুৰত যেতিয়া মাধৱদেৱ যাবলৈ উঠিল, শিৱানই তেওঁক কলে—“তোক প্ৰতিবলৈ কিছু দ্ৰব্য বস্তু দিম, তুমি উভতি যাবৰ সময়ত মোৰ ঘৰত সোমাই লৈ যাব।” শিৱানৰ এই কথা শুনি মাধৱদেৱে মনত বৰ বিষাদ পালে। তেওঁ ভাবিলে ‘ই মোক লোভী বুলি ভাবিলে। হৰি হৰি। এনে মানুহৰ ঘৰলৈকে গুৰুজনে মোক আহিবলৈ কৈছিল।” এইদৰে মনত দুখ কৰি তেওঁ গুচি গল। এইদৰে গৈ তেওঁ কিছুদিনৰ মুৰত বাকা পালেগৈ। তাত তেওঁ কিছুদিন থাকিও তেওঁৰ কাৰ্য সিজি কৰিব