তেওঁলোকৰ ছাতৰবোৰক শঙ্কৰদেৱৰ ওচৰলৈ পঠিয়াই দিলে যাতে তেওঁ-
লোকে সিহঁতৰ মুখে শুনি গম ধৰিব পাৰে, শঙ্কৰদেৱৰ শাস্ত্ৰজ্ঞান কিমান
গভীৰ। ছাতৰবোৰে শঙ্কৰদেৱৰ থকা ঠাইলৈ গৈ শঙ্কৰদেৱৰে সৈতে
শাস্ত্ৰৰ বিষয়ে দুই চাৰিটা আলাপ কৰি আহি, সিহঁতৰ অধ্যাপকসকলক
কলে যে শঙ্কৰদেৱৰ ক্ষমতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি, সিহঁতৰ শাস্ত্ৰৰ
কথা তেওঁ মহুৰ্ততে খণ্ড-বিখণ্ড কৰি পেলালে। ছাতৰহঁতৰ মুখে এই কথা
শুনি ভট্টাচাৰ্যসকলে পৰামৰ্শ কৰি থিৰ কৰিলে যে তেওঁলোকে ৰজাৰ
আগত শঙ্কৰৰ প্ৰশংসা কৰি কব; তেনেহলে ৰজাৰ মন তেওঁলোকৰ প্ৰতি
প্ৰসন্ন হব। এনে আলচ কৰি তেওঁলোকে ৰাজসভাত শঙ্কৰক প্ৰশংসা
কৰি শঙ্কৰৰ মত ভাল বুলিলত, ৰজাই সন্তোষ পাই তেওঁলোকক ধন কাপোৰ
আদি বঁটা দিলে।
শঙ্কৰদেৱে প্ৰায় প্ৰতিদিন ৰজাৰ সভাত বহি কৃষ্ণকথা কয়,ৰজা প্ৰজা পণ্ডিত সভাসদ সকলোৱে শুনি মুগ্ধ হয়। ৰজাই সেই বৃন্দাবনীয়া বস্ত্ৰখন উলিয়াই অনায় আৰু শঙ্কৰদেৱে সেই বস্ত্ৰত থকা কৃষ্ণলীলাৰ দৃশ্যবোৰৰ বিষয়ে বৰ্ণনা আৰু ব্যাখ্যা কৰি ৰজাক কয়। এইদৰে কৃষ্ণকথা শুনি শুনি ৰজাৰ মনত লাহে লাহে কৃষ্ণপ্ৰেম উপজিল আৰু শঙ্কৰদেৱৰ প্ৰতি ভক্তি বাঢ়িবলৈ ধৰিলে।
এদিন পশ্চিমৰপৰা কিছুমান মাল আহি ৰাজ সভাত উপস্থিত হৈ ৰজাৰ মালেৰে সৈতে যজ কৰিবলৈ দিবলৈ ৰজাৰ আগত প্ৰাৰ্থনা কৰিলে। ৰজাৰ যিবোৰ মাল আছিল সিহঁতে পশ্চিমীয়া মালবোৰেৰে সৈতে যুজ কৰিবলৈ ভয় খাই আগ নবঢ়া হল। ৰজাই কি কৰিব ভাবি নাপাই বিষন্ন মনে বহি আছে, এনেতে শঙ্কৰদেৱে উপস্থিত হৈ ৰজাক চিন্তাযুক্ত দেখি কাৰণ শুধি জানিব পাৰি কলে “মহাৰাজ, আপুনি চিন্তা নকৰিব, মই বুদ্ধি কৰি বিদেশী মালবোৰক ভঙ্গ দিয়াই পঠিয়াম। সিহঁতক মহাৰাজে সিধাত চাউল নিদিয়াই ধান দিয়াওক। তেল নিদিয়াই সৰিয়হ দিয়াওক, খৰি নিদিয়াই গোটা বাঁহ দিয়াওক, অস্ত্ৰ কিম্বা আন দ্ৰব্য একো দিৰ নালাগে। এইদৰে দিয়াৰ কাৰণ সিহঁতে দূতক শুধিলে, দূতে সিহঁতক কব যে এই দেশৰ মালক সিধা এইদৰেই দিয়া হয়; এই দেশৰ মালে ধান হাতেৰে মোহাৰি চাউল উলিয়াই লয়, সৰিয়হ হাতেৰ চেপি তেল