এদেৱ আৰু মাধৱদেৱ ১৪৭ 1 আগেয়ে কিয় মিছা মাতিছিল? গোবিলে উত্তৰ দিলে যে তেওঁ ভয়ত মিছা মাতিছিল। শঙ্কৰদেৱে কলে “ভয়তে মিছা মতা মহা পাপ; তাৰ উপৰি নিজ গুৰু আৰু ভকতৰ আগত যি মিছা কথা কয়, তাৰ ধৰ্ম্ম কৰ্ণ একো নাথাকে; এতেকে তোক আমি পৰিত্যাগ কৰিলো, তুমি ইয়াৰ- পৰা গুচি যোৱাগৈ।" গুৰৰ আজ্ঞা মানি গোবিলে যাবলৈ কানি-কম্বা বান্ধি ওলাই শঙ্কৰদেৱক সেৱা কৰিছে, এনেতে গোবিন্দৰ ইষ্টমিত্ৰজনেও তালি টোপোলা বান্ধি গোবিন্দৰ লগতে যাবলৈ ওলাই গুৰুজনক সেৱা কৰিলেহি। শঙ্কৰদেৱে আচৰিত হৈ, তেওঁ কিয় যায় বুলি তেওঁক শুধিলত, তেওঁ কলে “বাপ, আপোনাৰ মুখে শুনি আছে, যে সুহৃদক সুখে দুখে কেতিয়াও এৰিব নালাগে; এতেকে মোৰ বান্ধৱজন যলৈকে যায, গুবাক্য মানি অপোনা এই দাসো তলৈকে যাব।” গোবিন্দৰ ইষ্টমিত্ৰজনৰ এই কথা শুনি শঙ্কৰদেৱে প্ৰসন্ন হৈ গোবিক ক্ষমা কবি দুইকো একেলগে তেওঁৰ পাশতে থাকিবলৈ আজ্ঞা কৰিলে। এদিন শঙ্কৰদেৱৰ মাজু পুতেক কমল লোচন ঠাকুৰ আমগছ এজোপাত উঠি বহি আছিল। তেওঁক দেখিবলৈ ঠিক শঙ্কৰদেৱৰ নিচিনা সুশ্ৰী আৰু তেজস্বী আছিল। সেৱকসকলে গছৰ ওপৰত তেওঁৰ আশ্চৰ্য তেজ আৰু ৰূপ দেখি সেই কথা শঙ্কৰদেৱক কলত, শঙ্কৰদেৱে বিমন হৈ কলে, কমল- লোচনে অপেক্ষা নকৰিযে শক্তি প্ৰকাশ কবিলে; কমললোচন আৰু ক’ত থাকিব হবলা। যিহওক তাৰ জননীৰ আগত আৰু এই কথা নকবা।” ইয়াৰ অলপ দিনৰ পিছতে কমললোচন ঠাকুৰৰ মৃত্যু হল। ঠাকুৰৰ মাতৃ কালিন্দী আই পুত্ৰশোকত আকুল হৈ পৰিলত, শঙ্কৰদেৱে অনেক বুজাই তেওঁক সাত্বনা দিলে। হৰি খাঁ নামে ভুঞা এজনৰ লক্ষী নামেৰে এটা কন্যা আছিল, তেওঁকে শঙ্কৰদেৱে জ্যেষ্ঠ পুত্ৰ ৰমানন্দলৈ বিয়া কৰালে। কালমত পুৰুষোত্তম নামে ৰমানন্দৰ এটি পুত্ৰ জন্ম হল। এদিন পুৰুষোত্তৰে গাত বুলিৰে সৈতে ককাক শঙ্কৰদেৱৰ কোলাত উঠিবলৈ অহা দেখি, বুঢ়ী- মাকে বাধা দিলত, শঙ্কৰদেৱে ভাৰ্যাক কলে, “কিয় বাধা দিছ, আমাৰ একোখন ভকতৰ একোজন ইমিত্ৰ বলে, ওৰে দুইকো একেলগে বাইক মাতি দুইকো মিত্ৰ কৰি দিয়ে।