পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৬২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ নাতিত হে আশা।” শঙ্কৰদেৱৰ সৰ তেক হৰিচৰণ ঠাকুৰলৈ ৰামদাসৰ জীয়েক মাধৱদেৱৰ ভাগিনীয়েকক বিয়া কৰোৱা হল। হবিচৰণ ঠাকুৰৰ এটি লব হল তেওঁৰ নাম চতুৰ্ভুজ। এদিন মাধৱদেৱে তেওঁৰ আলধৰা শ্ৰীৰামেৰে সৈতে গুৰুসেৱা কৰি পাটবাউসীৰপৰা নিজৰ ঠাই গণককুচিলৈ গৈছিল। গণককুচিত থকা তেওঁৰ আলধৰা মাকলীৰ পুতেক ৰামে বহাত বহি ঈশ্বৰৰ ৰূপ মনত কল্পনা কৰি মানস-পূজা কৰি ঈশ্বৰৰ চৰণত এপাট ৰত্নময় খৰম পিন্ধাই, আনপাটি পিন্ধাব খোজোতেই মাধৱদেৱে বহা পালেগৈ। মাধৱদেৱ অহা গম পাই তেওঁ লৰালৰিকৈ উঠি গুৰুৰ চৰণত পৰি বন্দনা কৰিলত মাধৱদেৱে তেওঁক কলে “ৰাম, বঞ্চনা কৰিলা কিয়? এপটি পিন্ধাই আনপাটি নিপিন্ধালা কিয়?” এই কথা শুনি বামে পৰম আচৰিত মানি, দলৱতে মাধৱদেৱৰ চৰণত পৰি ক্ষমা প্ৰাৰ্থনা কৰিলত, মাধৱদেৱে তেওঁক কলে জানা ৰাম, তুমি মানস-পজা এৰি দিয়া; তাত অনেক বিধিনি। মনৰ সুখেৰে সদায়, ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা, নাম শ্ৰৱণ কীৰ্ত্তনেই ভৱসংসাৰ তৰণৰ উপায়; এতেকে অহনিশে নাম নেৰিবা।” এদিন ৰাতিপুৱা মাধৱদেৱে স্নান-দান কৰি শুচিসঞ্জমন হৈ শঙ্কৰদেৱৰ পাশলৈ যাওঁতে বাটতে এঠাইত দেখিলে যে এজন মুনিৰ বেশেৰে লোক বিৰিণাৰ পাতৰ মাজত সোমাল। বিৰিণাৰ জোপাৰ মাজৰপৰা তেওঁ মাধৱদেৱক শুধিলে “মাধৱ, তুমি কলৈ যোৱ।?” মাধৱে উত্তৰ দিলে “মই শঙ্কৰদেৱৰ ওচৰলৈ যাওঁ।” বৰাগীজনে কলে “তেন্তে মই এটা তোমাক প্ৰশ্ন কবে—তুমি কাক সেৱা কৰা, আৰু কোন তোমাৰ গুৰু?” মাধৱে উত্তৰ দিলে “শ্ৰীশঙ্কৰ কপতৰু মোৰ গুৰু, মই তেওঁকে সেৱা কৰে। বৰাগীয়ে শুধিলে “শঙ্কৰৰ গুৰু কোন?” এই প্ৰশ্নৰ উত্তৰ নিদি মাধৱদেৱ আহিবলৈ ধৰা দেখি বৰাগীজন অদৃশ্য হল। ইয়াৰ পিছত মাধৱদেৱ আহি শঙ্কৰদেৱৰ ওচৰ পালত, শঙ্কৰদেৱে হাঁহি মাধৱদেৱক শুধিলে “বঢ়াৰ পো, বাটত কি দেখিছিল, কি ঘটনা হৈছিল কোৱাচোন?” মাধৱদেৱে বাটত হোৱা সেই ঘটনা বিবৃত কলিত, শঙ্কৰদেৱে কলে “বঢ়াৰ পো, মোৰ গুৰুৰ পৰিচয় নিদিলা কিয়? নিদিয়াত বিপৰ্যয় হল। দিয়াহেঁতেন তেওঁ নিশ্চয় তোমাৰ আগত তেওঁ নিজৰ ৰূপ প্ৰকট কৰিলেহেঁতেন।" এই