১৪৬ শ্ৰীশৰদেৱ আৰু মাধৱদেৱ আজ্ঞা কৰক।” এই কথা শুনি হাঁহি শঙ্কৰদেৱে মাধৱদেৱক থাকিবলৈ অজ্ঞা দি মুদৈসকলক বিদায় দিলে। বংশীগোপালে কিন্তু মুদৈসকলৰ লগত উভতি যাব নুখুজি শঙ্কৰদেৱৰ সঙ্গত থাকিবৰ অনুমতি প্ৰাৰ্থনা কৰিলত, মুদৈসকলে শঙ্কৰদেৱক জনালে যে “এই ব্ৰাহ্মণৰ লৰাটি যদি আমি আকৌ লগত লৈ উভতি নাযাওঁ, তেনেহলে আসামৰ ৰজা হে যি অবুজন, এওঁৰ বায়েক ভিনিহিয়েকে ৰজাক গোচৰ দিলে আমি এওঁক কৰবাত মাৰি থৈ গলে নি আমাক ৰজাই ধৰাই নি কটাব। এতেকে আমি এওঁক এৰি থৈ যাব নোৱাৰে॥ মুদৈসকলৰ এই কথা শুনি শঙ্কৰদেৱে বংশীগোপালক কলে “গোপাল, তুমি এওঁলোকৰ লগত এতিয়া যোৱা, পিছে আকৌ আহি তোমাৰ মনস্কামনা পূৰ্ণ কৰিব পাৰিবা। ভক্তি-ধৰ্ম প্ৰকাশৰ কাৰ্য তুমিও লাভ কৰিবা।' এই আজ্ঞা শুনি অসন্তোষ মনেৰে বংশীগোপাল মুদৈসকলৰ লগত গুচি গল। ঠাকুৰআতাই লৰালৰিকৈ উভতি গৈ মাধৱদেৱক গুৰুৱে তেওঁক উজনিলৈ যাবলৈ দিয়া আদেশ ৰহিত কৰা বাতৰি দি ৰং মনেৰে নিজৰ ঘবলৈ গল। শঙ্কৰদেৱব এখন নৌকা আছিল। গোবিন্দ নামে ভকত এজনে এদিন অকস্মাৎ জাপ মাৰি উঠি নাওখনৰ টিং এটি ভাঙি ভয়ত সেই কথা কাকো নোকাৱাকৈ থাকিল। পিছত শঙ্কৰদেৱে নাওখনৰ টিংটি সেইদৰে ভাগি থকা দেখি সকলকে শুধিলে, কোনে টিংটি ভাঙিলে বুলি। সক- লোৱে নাজানো বুলি কলে। গোবিন্দকো তেওঁ ভাঙিছেনে বুলি শুধিলত গোবিলে কলে মই ভঙা নাই; কোনে ভাঙিলে কব নোৱাৰে॥” শঙ্কৰদেৱে ভাবিলে, নিশ্চয় তেওঁৰ ভকতসকলৰ তিৰে কোনো এজনে টিংটো ভাঙিলে, অথচ, তেওঁৰ আগত সেইজনে মিছা কথা কৈছে। ইয়াকে ভাবি তেওঁ বিমৰ্ষ ভাৱে বহি থকা দেখি মাধৱে কি হৈছে বুলি শুধি তাৰ কাৰণ জানিব পাৰি শঙ্কৰদেৱক কলে “বাপ, গোবিন্দক শোধক, তেওঁ নিশ্চয় কব পাৰিব।” শঙ্কৰদেৱে কলে “বঢ়াৰ পো, তুমিয়েই শোৰা, মই শুধিলে তেওঁ সঁচা কথা নয়।" পিছত মাধৱদেৱে আহি গোৰিলে যে টিংটো ভাঙিলে সেই কথা গোবিন্দৰ মুখৰপৰা উলিয়াই লৈ তেওঁৰ গুৰুৰ আগত কলত, শঙ্কৰদেৱে মহা ক্ৰোধ কৰি গোবিন্দক শুধিলে তেওঁ