শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ ১৪৫ দৈসকলৰ লগতে যোৱ॥ তাত ভালকৈ নামধৰ্ম প্ৰকাশি ভক্তি প্ৰচাৰ কৰা গৈ।” এই আজ্ঞা কৰি তেওঁ মাধৱদেৱৰ হাতত চাৰিখন তামোল দিলত মাধৱদেৱে গুৰুৰ আজ্ঞা শিবোবাৰ্য কবি শঙ্কৰদেৱক সেৱা কৰি উঠি তেতিযাই যাবলৈ ওলাল। তেওঁ যাবলৈ প্ৰস্তুত হবৰ নিমিত্তে নিজ ঠাই গণককুচি পাওঁতেই, সিফালৰপৰা নাৰায়ণ ঠাকুৰ আহি তাতে ওলালহি। ঠাকুৰ আতাক দেখি মাধৱদেৱে কলে ‘সখি গুজনে মোক উজানলৈ যাবলৈ আজ্ঞা কৰিলে। এতিযাই সদাগৰসকলৰ লগত যাব লাগিব; সেই নিমিত্তে প্ৰস্তুত হবলৈ আহিছো।” এই কথা শুনি নাৰায়ণ ঠাকুবে কলে “সখি, তুমি অলপ তম্ভ, মই গুৰজনৰ ওচৰৰপৰা আহে। মানে।” এই বুলি নাৰায়ণ ঠাকুৰ তেতিয়াই বেগাবেগিকৈ শঙ্কৰদেৱৰ ওচৰলৈ গৈ শঙ্কৰদেৱৰ চৰণত পৰি এই বুলি প্ৰাৰ্থনা কৰিলে— “কৃপাৰ সাগৰ পুৰিয়ো মনৰ কাম। সদা নু গুচোক মুখে তুৱা গুণ নাম।” “বাপ, বহাসুখৰ সঙ্গ মোৰ গুচিল। মোৰ প্ৰাণ বন্ধুৰ সঙ্গ লাভৰপৰা বঞ্চিত হলো। যাৰ দ্বাৰাই যি সময়ত উজনিত ধৰ্ম প্ৰকাশ হব লাগে সি অৱশ্যে হব, তাত সংশয় নাই। এতেকে ক্ষমা কৰি বান্ধৱক থাকিবলৈ দৈবকী নন্দন, ইয়াৰ পিছত শঙ্কৰদেৱৰ মুখৰপৰ ধৰ্মৰ কথা কিছু শুনি বংশীগোপালে শঙ্কৰদেৱক সম্বোধন কৰি কলে “পুৰুষব, আপোনাৰ বাক্য মোৰ কৰ্ণত অমৃত যেন লাগিছে। মোৰ এনে ইচ্ছা হৈছে যেন আপোনাৰ ইয়াত থাকি সদায় হৰি কথা শুনি থাকিম।” শঙ্কৰদেৱে উত্তৰ কৰিলে “ভাল, থাক, তোমাৰ কোনো চিন্তা নাই।” কিন্তু মুদৈহঁতে তেওঁক নেৰাত শঙ্কৰদেৱে গোপালক যাবলৈ আদেশ কৰি কলে “গোপাল, এতিয়া তুমি যোৰ, কিন্তু তোমাৰে মোৰ আজিৰপৰা এৰাএৰি নাই। তুমি আমাৰ মনত ৰূপে অঙ্কিত থাকিলা।” গোপালে সলোতকে কলে “আপোনাৰ আদেশ পালন কৰিলোঁ। মোৰ দেহ মাত্ৰ যাৰ, মন প্ৰাণ ইয়াতে থাকিল। পূজমাৰ্জিত মোৰ অশেষ সৌভাগ্যৰ নিমিত্তে আপোনাৰ সৰূপ মহাপ্ৰসাদ লাভ কৰিলোঁ।” শঙ্কৰদেৱে গোপালক আকোঁৱালি ধৰি অনেক হৰি- ভৰি উপদেশ দি বিদায় দিলে।" গোপাল মালীপুৰলৈ উভতি আহিল, কিন্তু তেওঁৰ মনত যি ভাৰ সোমাল সি আৰু পৰিবৰ্তিত নহল। দত্তদেৱ গোস্বামীয়ে লেখিছে-“যাৰ মন এবাৰ কৃষ্ণৰ চৰণ-পজত নিমগ্ন হৈছে তাক এই তুচ্ছ অসাৰ সংসাৰৰ মোহ কেনেকৈ লৰাৰ। শৰদেৱৰ বাক্যতেই তেওঁৰ মনত কৃষ্ণপদ দৃঢ়ৰূপে অঙ্কিত হৈ ৰল।” দত্তদেৱ গোস্বামী বিৰচিত চৰিত্ৰ।