পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বাবিংশ অধ্যায়

শঙ্কৰদেৱৰ বেহাৰ যাত্ৰা

 এদিন মাধৱদেৱ শঙ্কৰদেৱৰ ওচৰতে বহি আছে, এনেতে উজানৰপৰা জনদিয়েক মুদৈ আহি তাতে উপস্থিত হৈ শঙ্কৰদেৱক সেৱা কৰিলে। তেওঁলোকৰ লগতে গোপাল নামেৰে এটি সুন্দৰ ব্ৰাহ্মণৰ লৰাও আছিল। (১) শঙ্কৰদেৱে মুদৈসকলক অহাৰ কাৰণ শুধি, গোপাললৈ আঙুলিয়াই শুধিলে “এইটি ব্ৰাহ্মণৰ লৰা কৰ, কিয় আহিছে?” মুদৈসকলে কলে “এওঁ পিতৃ-মাতৃহীন বালক, সৰুৰেপৰা বায়েক ভিনিহিয়েকৰ লগত থাকি ডাঙৰ হৈছে (২) এওঁ আমাৰ লগতে আহিছে। ইয়াৰ পিছত মুদৈ- সকলে প্ৰাৰ্থনা কৰি শঙ্কৰদেৱক কলে “বাপু, আপুনি ধূঞাহাটৰপৰা আমাক এৰি অহাৰপৰা আমি অনাথ হলোঁ হঁক। তেতিয়াৰপৰা আৰু তাত ভক্তি ধৰ্ম প্ৰচাৰৰ বৃদ্ধি নহল। বাপ আমি অনেক প্ৰয়াস কৰি আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিলো যেন আপুনি এজন আপোনাৰ বিশিষ্ট ভক্তক আমাৰ লগতে উজনিলৈ পঠিয়াই দি তাত ধৰ্ম প্ৰচাৰ বৃদ্ধি কৰায়।” মুদৈসকলৰ এই প্ৰাৰ্থনা শুনি শঙ্কৰদেৱে তেতিয়াই মাধৱদেৱক কলে-- “বঢ়াৰ পো, উজনিত এই বেলি ধৰ্ম প্ৰচাৰৰ নিমিত্তে তুমি এতিয়াই এই


(১) এওঁকে বংশীগোপালও বোলে। এওঁ সৰুতে হাবিয়ে বননিয়ে বাঁহী বজাই ফুৰিছিল দেখি এই নাম পাইছিল। বংশীগোপালদেৱ আৰু হৰিদেৱ সম্বন্ধত মোমাই ভাগিন আছিল।

(২) আউনীআটী সত্ৰৰ চলাজন অধিকাৰ অশেষ গুণালস্কৃত মহাসাধু ৺দত্তদেৱ গোস্বামীয়ে ৰচনা কৰা চৰিত্ৰত আছে যে বংশীগোপালে শঙ্কৰদেৱৰ এই প্ৰশ্নৰ উত্তৰত নিজৰ পৰিচয় এইদৰে দিলে-“হে পুৰুষৰৰ, মই হৰিবৰ আচাৰ্যৰ নাতি, ধৰ্ম্মাই আচাৰ্যৰ পুত্ৰ। সম্প্ৰতি মই নালীপুৰৰপৰা আহিছোঁ। মোৰ নাম গোপাল। পিতৃমাতৃ বিহীন হৈ সৰুৰেপৰা মই বাই ভিনিহিৰ গৃহত বাস কৰি আছোঁ; তেওঁবিলাক নিচেই দৰিদ্ৰ, মোৰ পিতৃৰ কপৰ্দ্দকো নাই। অৰ্থৰ অভাৱত কষ্ট পাই এই মুদৈৰ নাৱত যৎকিঞ্চিৎ অৰ্থ উপাৰ্নজ্জৰ নিমিত্তে আহিছোঁ।” শঙ্কৰদেৱে গোপালৰ কথা শুনি মুহিত হৈ কলে,