এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰমািধৱদেৱ ১৪৩ পকি চায়ো নেদেখিলে। উভতি আহি তেওঁ শঙ্কৰদেৱক কলে “বৃষটো বিচাৰি নাপালোঁ; কিবা মায়া হৈ গল নে কি?" শঙ্কৰদেৱে কলে ই আন একো মায়া নহয়; এওঁ ধৰ্ম; তোমাৰ ঘৰত সদায় আছিল। তোমাৰ ভাৰ্য প্ৰকৃতিৰ অংশ; তেওঁ সম্প্ৰতি হৰিত শৰণ লৈছে। এনে- জনা তিতাক তুমি আজি প্ৰহাৰ কৰিছিলা; সেই পাপ কাৰ্য দেখি ধৰ্ম্ম তোমাৰ ঘৰৰপৰা আঁতৰি আহিল। এতিয়াই তুমি লালৰিকৈ ঘৰলৈ উভতি যোৱ গৈ তোমাৰ ভাৰ্যাক সন্তুষ্ট কৰ; তেনেহলে অৱশ্যে ধৰ্ম আকৌ তোমাৰ ঘৰত প্ৰবেশ কৰিব।” এই কথা শুনি কন্দলিয়ে মহা বিময় মানি, শঙ্কৰদেৱক প্ৰণাম কৰি কলে “হে গুৰু, আপোনাৰ মহিমা কোনে জানিব পাৰে। মোৰ দোষ আপুনি ক্ষমা কবক। মই এতিয়াই ঘৰলৈ গৈ আপোনাৰ আজ্ঞা পালন কবে। গৈ।” এই বুলি অনন্ত কন্দলিযে ঘৰলৈ আহি তেওঁৰ গৃহিণীক তুষ্ট কৰি, এইটো গুৰৰ পৰম কৃপা লি মানি কৃতাৰ্থ হল।