পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 এই ডোখৰ কালত শঙ্কৰদেৱে অনেক নাট আৰু গীত ৰচনা কৰে। উত্তৰাকাণ্ড ৰামায়ণৰ পদ শঙ্কৰদেৱে কৰি, আদিকাণ্ডৰ পদ কৰিবলৈ মাধৱ- দেৱক নিযুক্ত কৰিলে; ব্ৰহ্মপুৰাণৰপৰা ওৰেষাৰ চৰিত্ৰ ৰচনা কৰি “কীৰ্ত্তনৰ ' অন্তৰ্গত কৰিলে।

 এদিন অনন্ত কন্দলিয়ে স্বপ্নত শঙ্কৰদেৱৰ উচ্ছিষ্ট ভোজন কৰিবলৈ আদিষ্ট হৈ স্নানকাৰ্য্য পূজাৰ্চ্চনা আদি কৰি ভোজন নকৰাকৈয়ে শঙ্কৰদেৱৰ ওচৰত উপস্থিত হৈ তেওঁক প্ৰণাম কৰি স্বপ্নৰ বৃত্তান্ত কৈ প্ৰসাদ প্ৰাৰ্থনা কৰিলত, শঙ্কৰদেৱে তেওঁক বুজাই কলে যে “শ্ৰীমদ্ভাগৱত আৰু ৰামায়ণৰ যি যি কেইছোৱাৰ পদ মোৰ কৰিবলৈ বাকী আছে, সেইবোৰৰে তুমি পদ ৰচনা কৰাঁ; তোমাৰ সেয়ে মোৰ উচিছষ্ট ভোজন হব।” এই কথা শুনি কন্দলিয়ে অতি আনন্দ পাই কৃতাৰ্থ হৈ কলে “মোৰ আৰু এটি প্ৰাৰ্থনা আছে,-“কীৰ্ত্তন ঘোষা” নামে আপোনাৰ যি অনুপম সুললিত গ্ৰন্থ আছে, তাৰ লগত মোৰ অলপ ৰচনা ৰাখিবলৈ আশা কৰোঁ।” এই প্ৰাৰ্থনা শুনি শঙ্কৰদেৱে তেওঁক কলে “তোমাৰ আশা মই আনন্দ মনেৰে পূৰ্ণ কৰিবলৈ অনুমতি দিলোঁ। পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ মাজত যি গোপ্য নাম- ধৰ্ম্মৰ কথা আছে, সেই কথা তুমি কীৰ্ত্তনৰ ছলেৰে পদ কৰাঁ, সি কীৰ্ত্তন- ঘোষা সৈতে মিলি থাকক।” এই বানী শুনি অনন্ত কন্দলিয়ে কৃতকৃত্য হৈ ঘৰলৈ গৈ প্ৰথমতে কীৰ্ত্তনঘোষাৰ ভিতৰত থকা-“কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি। অন্তকে পাইলেক মোক ৰক্ষা কৰাঁ হৰি।” এই অধ্যায়কে আদি কৰি ছয় অধ্যায় ৰচনা কৰি শঙ্কৰদেৱৰ হাতত দিলেহি। শঙ্কৰদেৱে দেখি পৰম সন্তোষ পাই সেই কেইঅধ্যায় তেওঁৰ কীৰ্ত্তনেৰে সৈতে মিলাই ৰাখিলে। ইয়াৰ পিছত অনুক্ৰমে অনন্তকললিয়ে ভাগৱতৰ চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু নৱম স্কন্ধৰ পদ কৰে। অনন্তকললিয়ে দশমস্কন্ধৰ মধ্য আৰু শেষ ছোৱাৰ পদ কৰি শঙ্কৰদেৱৰ ওচৰত উপগত হলত তেওঁৰ মুখত ভয়ৰ চিহ্ণ দেখি শঙ্কৰদেৱে তেওঁক তাৰ কাৰণ শুধিলে। অনন্ত কললিয়ে কলে “মই সোমাওঁতে দুৱাৰ-মুখতে যেন ডাঙৰ বৃষ এটা দেখিলোঁ।” শঙ্কৰদেৱে অলপ হাঁহি তেওঁক কলে “বাৰু আকৌ তুমি বেগতে চোৱাঁচোন, চোৱাগৈ বৃষটো আছে নে নাই?” লৰালৰিকৈ কন্দলিয়ে আকৌ গৈ দেখে যে তাত বৃষটো নাই আৰু ততালিকে কলৈ গল, চাৰিওফালে ঘুৰি-