সমললৈ যাওক

পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


নিমিত্তে সেই পদ থাওক।” ঠাকুৰ আতায়ো মাধৱদেৱৰ কথাকে সমৰ্থন কৰি কলত শঙ্কৰদেৱে সেই পদফাকি ৰাখিলে।

 ইয়াৰ পিছত আৰু এদিন একাদশীত বলোৰাম নামে ভকত এজন উপবাসে আছিল। তাৰ আগ দিনাও বলেৰাম, তেওঁৰ গাত অলপ জ্বৰৰ নিচিনা হোৱা বাবে, ভিক্ষা কৰিবলৈ যাব নোৱৰি উপবাসে থাকিবলগীয়াত পৰিছিল। তাৰ পিছদিনাও বলোৰামে একাদশী কৰি গোটেইটো দিন থাকি, ৰাতি তেওঁৰ গা ৰহিল আৰু তেওঁ ভোকত অজ্ঞান হৈ মাতিব নোৱাৰা হল। একাদশীৰ পিছদিনাও তেওঁৰ গাত তত নথকা বাবে তেওঁ পাটীতে শুই পৰি আছিল। প্ৰসঙ্গৰ সময়ত শঙ্কৰদেৱে তেওঁক উপস্থিত নেদেখি “বলোৰাম কলৈ গল" বুলি বিচৰালত, তেনে লালকাল অৱস্থাত বহাত পাটীত বলোৰামক পৰি থকা পোৱা গল। এই কথা শঙ্কৰদেৱে শুনি বলোৰামক ধৰাই তোলাই আনি তেওঁৰ মুৰত পানী ঢলাই তেওঁক অলপ জলপান খুৱাই সুস্থ কৰিলতহে বলোৰামে গুৰদেৱক কব পাৰিলে, কেনেকৈ অনাহাৰত তেওঁৰ গা ৰহি তেওঁ তেনে লালকাল হৈছিল। এই কথা শুনি ভকতৰ দুখত দুখিত হৈ শঙ্কৰদেৱে বলোৰামক কলে “আজিৰপৰা ভিক্ষা নাপালে তুমি লঘোনে নাথাকিবা, মোৰ ভঁৰালৰপৰা দ্ৰব্যৰ লৈ গৈ ভোজন কৰিবা।” এনেতে মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি কলে “বাপ, দাসে আপোনাৰ চৰণত এটি নিবেদন কৰে,সকলো ধৰ্মৰ ৰজা হৈছে নাম-ধৰ্ম্ম। সেই নাম ৰাতিয়ে দিনে লবৰ নিমিত্তে ভক্তসকলে সদায় খাই-বৈ সুখে থাকি শৰীৰ ভালকৈ ৰাখিব লাগে; নতুবা নামৰ বিঘনি হয়। কলিত অনুগত প্ৰাণ, আহাৰৰ অভাৱত ইন্দ্ৰিয়সকল বিকল হয়, সেইদেখি ভকতসকলক শাস্ত্ৰৰ বিৰোধেও একাদশীত ফলাহাৰ কৰিবলৈ আজ্ঞা দিব লাগে। ফলাহাৰ কৰি ভকতি আচৰি নাম-প্ৰসঙ্গ কৰি থাকিলেও তাৰ ফলত সকলো তৰিব।” এই কথা শুনি শঙ্কৰদেৱে মাধৱক প্ৰশংসা কৰি কলে “ভকতৰ সুখ - মাধৱে কেনে বুজে চোৱাঁ। মাধৱে যি কথা কলে সেইটো বেদান্তৰো মত। আজিৰপৰা সকলো ভকত মাধৱে কোৱা মত অনুসৰি চলক, শৰীৰক ক্লেশ নিদিয়াকৈ সকলোৱে নাম-ধৰ্ম আচৰণ কৰক।” সেৱকসকলে গুৰুজনৰ এনে আজ্ঞাবাণী শুনি পৰম আনল পালে।