একবিংশ অধ্যায় অনন্ত কললিৰ “উচিছষ্ট ভোজন” শৰদেৱ উজনিত থাকোঁতে তেওঁৰ কাঠৰ মুত্তি মদনগোপাল সজা কোৰোলা বাঢ়ৈৰ নাম আমি আগেয়ে শুনি আহিছোঁ। শঙ্কৰদেৱৰ লগত ভক্ত কোৰোল বাঢ়ৈ ভটীয়াই পাটবাউসী থানত আছিলহি। যাদৱেন্দ্ৰ পুৰি নামে বৈষ্ণৱ সন্ন্যাসী এজন আহি কোনো বাঢ়ৈৰ ঘৰতে আছিলহি। তেৱে। শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মত আস্থাবান হৈ শঙ্কৰদেৱে কৰা সকলে শান্ত পঢ়ি তাত অভিজ্ঞ হৈছিল। এদিন একাদশীত বাঢ়ৈয়ে উপবাস কৰি আছিল। সন্ন্যাসীয়ে দেখি বাঢ়ৈক উপবাস কৰি থাকিবলৈ হক দি কলে, “কলিযুগত ব্ৰত উপবাস সকলল মিছ। তুমি ভালকৈ ভোজন কৰি হৰিনাম লোৱা, মেহে তোক তাৰিব, ব্ৰত উপবাসে নহয়। ভতৰ পতৰু শ্ৰীমন্ত শঙ্কৰ গুৰুৱে “একাদশ” শান্ত্ৰত লেখিছে “নাপাই- বেক মোক একাদশী উপবাসে।” ই কথা শুনি বাঢ়ৈয়ে মাছ আনি আনমনেৰে ৰান্ধিবাঢ়ি খাবলৈ ইচছা কৰোতেই শঙ্কৰদেৱে শুনি, বাঢ়ৈক খং কৰি কলে “তুমি একাদশীৰ দিনা এনে কাম কৰি ধৰ্মক উপল কৰিহা কিয়?” বাচৈয়ে উত্তৰ দিলে “বাপ, আপুনি একাদশ পুথিত লেখিছে, “একাদশী উপবাসে, আৰ যোগ ধ্যান ন্যাসে, নাপাইবে আমাক কোনো জনে এই বাক্য মনত মানি, একাদশীক তুচ্ছ ভাবি ভোজনৰ ইচ্ছা কৰিছিলোঁ। যদি অনীৰ দোষ হৈছে, দাস বুলি ক্ষমা কৰক।” বাৰে এই উত্তৰ শুনি তেওঁ বাঢ়েৰ প্ৰতি সদয় হৈ, মানন্দ ঠাকুৰু কলে “বোপা ৰমানন্দ, একাদশ পুথিখন আনা, পদফাকি এতিয়াই কাট খও।” মাধৱদেৱ ওচৰতে আছিল, তেওঁ ওনৰ এই কথা শুনি, প্ৰাৰ্থনা কৰি গুৰুক কলে ‘বাপ, এইটো কৰা যুগুত নহয়; যি যেনেকৈ তাৰ অৰ্থ বুনে এক, আমাৰ