পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিংশ অধ্যায়

ৰত্নাৱলী গ্ৰন্থ প্ৰাপ্তি

হ্মাণ্ড মৰন্ত,  কণ্ঠভষণ নামে এজন বিপ্ৰই শঙ্কৰদেৱৰে সৈতে বাদ কৰি শঙ্কৰদেৱক জিনিব নোৱাৰি আকৌ ভালকৈ শাস্ত্ৰ পঢ়ি আৰু জ্ঞান উপাৰ্জন কৰি আহি শঙ্কৰদেৱক তৰ্কত জিনিবৰ অভিপ্ৰায় কৰি বাৰাণসীত পঢ়িবলৈ গৈছিল। বাৰাণসীত তেতিয়া ব্ৰহ্মানন্দ নামে এজন শ্ৰেষ্ঠ পণ্ডিত আছিল। তেওঁৰ ওচৰত কণ্ঠভূষণে শাস্ত্ৰ পঢ়িবলৈ ধৰিলে। এদিন ব্ৰহ্মানন্দ পণ্ডিতে ছাতৰ সকলক ভাগৱত শাস্ত্ৰ পঢ়াই থাকোঁতে ব্ৰহ্মাহুতি ডোখৰ পাই, তাৰ অৰ্থৰ ভালকৈ সংহতি লগাব নোৱাৰি খোকোজা লাগি ভাবি আছিল। এনে দেখি কণ্ঠভষণে সেই সময়তে মাতিলে—

 “অনেক বিভূতি, কৃষ্ণৰ মূৰতি, দেখিয়া বিস্মিতি, বহ্ম ভৈলা ভীতি। যেন তৱত পৰিল হংসত, নাহি আৰ তত, চেতনা গাৱত॥ দেখি ভগৱন্ত, ৰূপ ঢাকিলন্ত, দুনাই জীলন্ত॥ হংসযান এৰি, চৰণত পৰি, নানা স্তুতি কৰি, গৃহে গৈলা লৰি॥

 এই ৰচনাৰ পদ শুনি, তেওঁ সেই ভাৱে ভাবি অৰ্থ পাই কণ্ঠভূষণক শুধিলে “এইয়া কাৰ ৰচিত পদ? এই পদ শুনি মই কঠিন শ্লোকৰ অৰ্থৰ সহায় পালোঁ।” কণ্ঠভূষণে কলে “শঙ্কৰ নামে এজন বটদ্ৰৱা নামে স্থানত জন্ম হৈ, আগম নিগম তন্ত্ৰ আদি সকলো শাস্ত্ৰত পাৰদৰ্শী হৈ একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছে; তেওঁৰে ৰচিত এই পৱাৰ। তেওঁৰে সৈতে মোৰ শাস্ত্ৰৰ তৰ্ক হৈছিল; তেওঁক মই বাদত জিনিব নোৱাৰি আকৌ ভালকৈ আপোনাৰ ওচৰত শাস্ত্ৰ পঢ়ি গৈ তেওঁক জিনিম বুলি ইয়ালৈ আহিছোঁ। মই সৰল ভাৱে আপোনাৰ আগত এই কথা আজি প্ৰকাশ কৰিলোঁ।” এই কথা শুনি ব্ৰহ্মানন্দৰ হঠাৎ মনত পৰিল, তেওঁৰ আগত বিষ্ণুপুৰী সন্ন্যাসীয়ে যি কথা কৈছিল সেই কথালৈ। তেওঁ তেতিয়াই -