সুৰৰ ঠগি অনাই তাত “গুণমালা" শাস্ত্ৰখনি থৈ দি, শঙ্কৰদেৱক শাস্ত্ৰ খন
পঢ়ি শুনাবলৈ কলত, শঙ্কৰদেৱে সভাৰ মাজত “গুণমালা" পুথিখন পঢ়িলে।
সকলোৱে সেই সুন্দৰ সংক্ষিপ্ত অথচ প্ৰাঞ্জল আৰু কৃষ্ণৰ গুণ যশেৰে পৰিপুৰ্ণ
ৰচনা শুনি, আৰু তাক একে ৰাতিতে কৰি অনা দেখি বিস্ময় মানিলে।
ৰজাই শঙ্কৰক ধন্য ধন্য বুলি বাৰে বাৰে প্ৰশংসা কৰিবলৈ ধৰিলে। ইয়াৰ
পিছত নৰনাৰায়ণে পৰম প্ৰীতিৰে সৈতে শঙ্কৰদেৱক ধন ব্ৰস্ত্ৰ উপহাৰ দি
নিজৰ থান পাটবাসীলৈ উভতি যাবলৈ বিদায় দিলে। চিলাৰায় আৰু
তেওঁৰ কুৱৰী ভুবনেশ্বৰীয়ে শঙ্কৰদেৱৰ জয় বাৰ্ত্তাত পৰম আনন্দ পাই
তেওঁক সেৱা সৎকাৰ কৰি, ওঠৰ বৈচাৰে নাও দি, আৰু চিলাৰায়ে লগতে
কিছুদূৰ আহি আগ বঢ়াই থৈ, পাটবাউসীলৈ শঙ্কৰদেৱক উজাই পঠিয়াই
দিলে। তিন দিনৰ মূৰত শঙ্কৰদেৱে পাটবাউসী পালেহি। তেওঁ আহিবৰ
দেখি, আৰু তেওঁৰ ৰাজসভাত জয় আৰু সন্মানৰ বাতৰি শুনি, তেওঁৰ
ইষ্টমিত্ৰ জ্ঞাতি বন্ধু সেৱক সকলে পৰম আনন্দত নিমগন হল।
⸻