১৩৮ গীশদেৱ আৰু মাধৱদেৱ এজন ছাতক পেৰা এটা আনিবলৈ কৈ কলে যে “পেৰাটো দেখিলেহে ঠিক বুজিব পাৰিম। পুৰ্ব্বে মোৰ গুৰু বিষ্ণপুৰী সন্ন্যাসীয়ে বাৰ স্কন্ধ ভাগৱতৰপৰা ভক্তিপৰ শ্লোকবোৰ সংগ্ৰহ কৰি ৰত্নাৱলী নাম দি পুথি এখন কৰি এটা পেৰাৰ ভিতৰত থৈ, তাৰ ওপৰত বাৰ স্কন্ধ ভাগৱত থৈ দি, পেৰাটো গজালি থৈ দিলে। সেই পেৰাটো গুৰুৱে আদৰ কৰি মোক দি কলে যে “ব কাৰ আদি স্থানত “শ 'কাৰ আদি নামেৰে শত্ৰ কুলত হৰিৰ সংশাৱতাৰ এজন যেতিয়াই জন্ম হব তেতিয়াই বাৰ স্কন্ধ ভাগৱতৰ তলত থোৱা এই ৰৱলী গ্ৰন্থখন বাৰ স্কন্ধ ভাগৱতৰ ওপৰলৈ আহিব। এতেকে তেতিয়া পেৰাটো খুলি তুমি এই কথা জানিব পাৰিব। এজন লহ্মিণ আহি সেইজনৰ কথা তোমাক কলে, তুমি সেই ক্ষণজনৰ হাতত ৰত্নাৱলী গ্ৰন্থখন সেইজনলৈ পঠিয়াই দিব॥ সেইজন পুৰুষক নমস্কাৰ কৰি মই দুটি শ্লোক ৰচনা কৰি ৰত্নাৱলী গ্ৰন্থৰ তলত থৈ, সেই শ্লোক দুটিও তুমি তেওঁলৈ পঠিয়াই দিবা।”—এইকথা এতিয়া মোৰ মনত পৰিছে। এতেকে শীয়ে ভাগৱত গ্ৰন্থ থকা সেই পেৰাটো আনা।” এই কথা শুনি ছাতজনে পেৰাটো আনিলত, তাক মেলি চালত দেখা গল যে ৰত্নাৱলী শাস্ত্ৰখন বাৰ স্ক ভাগৱতৰ ওপৰত উঠি আছে। এই কথা দেখি বহ্মনই ধন্য ধন্য তেওঁৰ গুৰু বিষ্ণুপুৰী বুলি প্ৰশংসা, কৰি কলে, “ভাবিছিলো, কাশী বা বৃন্দাবনত এই অৱতাৰ হবহি। এতিয়া দেখিলোঁ নিৰোদক বনত পন্ন উপজিল।” এই বুলি ব্ৰহ্মানন্দই নিজে শঙ্কৰক বন্দনা কৰি আৰু দুটি শ্লোক ৰচনা কৰি, তেওঁৰ গুৰুৰ শ্লোক দুটি আৰু তেওঁৰ নিজৰ দুটি, এই চাৰিওটি শ্লোকেৰে সৈতে ৰক্সাৱলী শাস্ত্ৰখন কণ্ঠভুষণৰ হাতত দি কলে “শুনা কণ্ঠভষণ, তুমি শৰেৰে সৈতে বাদ কৰি য় হবৰ আশা পৰিত্যাগ কৰ। মোৰ গুৰুৰ বচনৰ প্ৰমাণ এতিয়াই চকুৰ আগত দেখি। আৰু মোৰ এই চাৰিট শ্লোকেৰে সৈতে এই ৰত্নাৱলী শাত্ৰখন তুমি লৈ এতি যাই যোৱ॥ গৈ শৰদেৱক দি তেওঁক প্ৰণাম কৰি তোমাৰ দোষৰ বাৰে ক্ষমা প্ৰাৰ্থনা কৰিব। যেতিয়া তেওঁ ক্ষমা কৰিলোঁ বুলিব, তেতিয়াহে তুমি উঠিব।” ব্ৰহ্মানৰ এই অজ্ঞা শুনি কণ্ঠভষণে ৰাৱলী গ্ৰন্থখন লৈ কিছুদিনৰ মত পাটবাজী এন পালেহি। শৰদেৱৰ আগত ঠগিত বিলীন