পুথিবোৰ কাহি আনি টুকুৰাটুকুৰকৈ কুটি টোৰোচা নৈত পেলাই দিলে।
চৰিত্ৰত আছে যে ইয়াৰ পিছৰপৰাই টোৰোচা নৈয়েও সেই সুতি এৰি
আন পিনে ভাঙি যাবলৈ ধৰিলে, আৰু সেইটো মৰি সুতি হৈ আজিলৈকে
আছে। এতিয়াও তাক কাকত-কুটা বোলে।
শঙ্কৰদেৱৰ মত শুদ্ধ বুলি অনন্ত কন্দলি আদি যিসকল নিঃস্বাৰ্থ ব্ৰহ্মণে কলে, তেওঁলোকক ৰজাই সন্মান কৰি ধন বস্ত্ৰ আদি উপঢৌকন দিলে। ইয়াৰ পিছত ৰজাই শঙ্কৰৰ প্ৰচাৰিত ভাগৱতী ধৰ্ম্ম শ্ৰেষ্ঠ বুলি বাৰে বাৰে কৈ শঙ্কৰদেৱক সমাদৰ কৰি নিজৰ ঠাইলৈ যাবলৈ বিদায় দিলে।
পিছদিনা ৰজা শঙ্কৰদেৱ আৰু সভাসদ ব্ৰাহ্মণ পণ্ডিত সকলেৰে সৈতে সভাত বহি আছে, এনেতে ৰজাই তেওঁৰ সভাপণ্ডিত ব্ৰাহ্মণসকলক সম্বোধন কৰি শুধিলে ‘ভাগৱত শাস্ত্ৰৰ কথাখিনিৰ সাৰ উদ্ধাৰ কৰি কৃষ্ণৰ গুণ যশ বিস্তাৰ কৰি, একে দিনতে তোমালোকে মোক শুনাব পাৰিবা নে নোৱাৰা?” পণ্ডিতসকলে কলে “মহাৰাজ, যদি কোনোবাই ভুৰকা এটাত হাতী এটা সুমাব পাৰে, তেন্তে আমিও এইকাম কৰিব পাৰিম। কি আচৰিত এনে প্ৰকাণ্ড ভাগৱত শাস্ত্ৰ কোনে একে দিনাই শুনাব পাৰে?” ৰজাই এই উত্তৰ শুনি, তেওঁলোকৰ কোনে কেই দিনত শুনাব পাৰিব বুলি তেওঁলোকক শুধিলত, কোনোৱে ন দিনত, কোনোৱে দহ দিনত, কোনোৱে সাত দিনত, কোনোৱে আঠ দিনত, বহুত প্ৰয়াস কৰিলে পাৰিম বুলি কলে। ব্ৰাহ্মণ- সকলৰ এইকথা শুনি শঙ্কৰদেৱক শুধিলে তেওঁ পাৰিব নে নোৱাৰে। শঙ্কৰ- দেৱে কলে “মহাৰাজৰ আজ্ঞা পালন কৰিব লাগে;-এতেকে মই সাধ্যমতে চেষ্টা কৰি চাম; তেনেহলে মোক আজি ঘৰলৈ যাবলৈ বিদায় দিয়ক।” এই কথা শুনি ৰজাই শঙ্কৰদেৱক যাবলৈ আজ্ঞা দি সভা বিসৰ্জন কৰিলে।
শঙ্কৰদেৱ ঘৰলৈ গৈ নাম-প্ৰসঙ্গ কৰি আহাৰ কৰি আঁতাই “গুণমালা’ শাস্ত্ৰ ৰচনা কৰিবলৈ বহিল। শেহ ৰাতি “গুণমালা" শাস্ত্ৰ ৰচনা শেষ কৰি উঠি 'তেওঁ শয়ন কৰিলে। পিছদিনা পুৱাই উঠি শঙ্কৰদেৱে নিত্যকৰ্ম সমাপন কৰি ভোজন কৰি অতাই ৰাজসভাত উপস্থিত হৈ ওপৰত হাতীৰ মুৰ্ত্তি এটি লেখা ভুৰুকা এটি ৰজাৰ আগত থলে। ৰজাই সেইটো কি বুলি হাতত লৈ ভুৰুকাটিৰ মুখখন মেলি চাই দেখে যে তাৰ ভিতৰত শঙ্কৰদেৱে সেই ৰাতি ৰচনা কৰা “গুণমালা” পুথি। ৰজাই পৰৰ সন্তোষ পাই এখন