পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ফণং, বিদুষা মন মণ্ডন কস্তু গলং, গল শোভিত কৌস্তভ ভীম বল, বলভদ্ৰ সহোদব সভ্য বন্ধু, বপু নিৰ্দিত বিশ্ব মুবাৰি বিপু, বিপু যথপ ঘূথপ দপহৰং, হৰমৌলী নিভৃষ্ট পদাপৰং, পবলোক সহায় সহস্ৰ মুখং, মুখৰালিকুলাল মাল্য সুখং, সুখ মোগ দক্ষ বা ৰমণং, মনসোপবিম্যে সহ্য ফণতোসি নতেমি নততমি হৰিং, হৰিবৈৰী কৃতাসন ভোগ হৰিং, হবি কিব ঈশপদে পদমিছন গাযতিচামৃতদে।” ইয়াৰ পিছত শঙ্কৰদেৱে আৰু এটি ভটিমা গলে,-- “জয জয মল্ল নৃপতি ৰসবান। যাকেৰি গুণগণ নাহিকে সমান॥” ইত্যাদি। এইটো গোৱাৰ পিছত তেওঁ ৰজাক আশীৰ্বাদ কৰিলে। ৰজাই শঙ্কৰদেৱব পাণ্ডিত্য, আৰু ধীৰ গম্ভীৰ মননামুগ্ধকাৰী সুন্দৰ প্ৰশস্ত মূৰ্তি দেখি মোহ গৈ, শঙ্কৰদেৱক সেই তোট আৱ ভটিমাৰ অৰ্থ ব্যাখ্যা কৰি কবলৈ কলে, আৰু তেওঁক বহিবলৈ শীঘ্ৰে কম্বল দিবলৈ বাবে বাবে আদেশ কৰিলে। ৰজাই পুনঃ পুনঃ “কম্বল আন, কম্বল আন” কৰিছে, আৰু ৰজাৰ দুতে খপ জপৰ লগাই লৰি কম্বল বিচাৰি ফুৰিছে। শঙ্কৰদেৱৰ গত তেওঁৰ কম্বল “কমলি ধৰা পৰমানন্দ আতৈযে” লৈ গৈছিল; কিন্তু পৰমানন্দই সেই কম্বল লৈ বহ্মিণসকলৰ পিছফালে কঁপি-জপি আছে। ইফালে কল অনাত বেলি হোৱা দেখি ৰজাই প্ৰচণ্ড বাণীৰে “কম্বল আন” “কম্বল আন” লগাই দিছে। ৰাজ সভাত এই দৃশ্য। বাহ্মণসকলে এনে বিসদৃশ ঘটা দেখি ৰজাঘৰীয়া কম্বললৈ বাট নাচাই লৰালৰিকৈ কমলি-ধৰা পৰমানন্দৰ হাতৰ কম্বলখনকে আনি হতাহতি কৰি দিলত গৰমলিযে লৰালৰিকৈ তাকে পাৰি দিলে। ৰজাৰ আদেশমতে শঙ্কৰদেৱ সেই কম্বলতে বহিল।