শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১২৭ বাতৰি সঁড়ে তেওঁ পাই থাকে। শঙ্কৰদো আহিবৰ শুনি নৰনাৰায়ণ ৰজাই চন্দন-চৰাত সভা পাতি বহিল, আৰু বাদী ব্যাহ্মণসকলকো তালৈ আহ্বান কৰি আনিলে। শঙ্কৰদেৱে ৰাজাৰ পাই তাত থিয় দি বলত, দুৱৰিযে সেই সংবাদ ৰজাক দিলে। ৰজাই শঙ্কৰদেৱক সভালৈ আনিবলৈ আদেশ দিলে। শঙ্কৰদেৱে ধীৰে ধীৰে গৈ ৰজাৰ সিংহাসনৰ ওচৰ পাই তাতে তন্তি ৰলত ৰজাই তেওঁক উঠি ওচৰলৈ আহিবলৈ মাতিলে। সাত খলপা ভোটৰ ওপৰত ৰাজসিংহাসন। তাত উঠি শঙ্কৰদেৱে লাহে লাহে যাবলৈ ধৰিলে। প্ৰত্যেক থাকতে উঠি শঙ্কৰদেৱে নিজৰ বচিত এই তোটবটি গাই যাবলৈ ধৰিলে। “মধু দানৱ দাৰণ দেৱ বৰং, বৰ বাৰিজ লোচন চক্ৰধৰং, ধৰণীধৰ ধাৰণ ধ্যেয় পৰং, পৰমাৰ্থ বিদ্যাশুভ নাশ কৰং, কৰ চণিত চেদীপ ভূৰি ভগং, ভগ ভূষণ কোচিচত পদ যুগং, যুগ নায়ক নাগৰ বেশ ৰুচিং, ৰুচিৰাংশুপিধান শৰীৰ শুচিং, শুচি চামৰ বায়ু নিসেব্য তনুং, তনু মধ্যগ দেহ সুবেশ হনু, হনুমন্ত হৰীশ সহায় ৰতং, বতৰাঙ্গ পৰায়ণ নত, নত বৰ্তুল স্থূল সুদীৰ্ঘ ভুজং, ভুজগাধিপতল্প শয়ানমজং, অজৰামৰ বিগ্ৰহ বিশ্ব গুৰুং, গুৰু গোধন কামদ কপত, তৰুণী মন মোহন সৰ্ব্ব শুভং, শুভমঙ্গল দায়ক নীল নিভং, ইভ কুন্ত মৌক্তিক মাল্যবহং, বহলোস মিষ্টদ সৰ্ব সহ, সহযায়তি পালা চিদং, চিদানন্দ বিনোদ বেদ বিদং,