শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১২৯ শঙ্কৰদেৱে আসন গ্ৰহণ কৰি কলে যে পণ্ডিত ব্ৰাহ্মণসকলে প্ৰথমতে তোটয় ভটিমাৰ অৰ্থ কওক। ব্ৰাহ্মণসকেল তাৰ অৰ্থ ভাবি মৌন হৈ থকা দেখি বজাই শঙ্কৰদেৱক অৰ্থ ব্যাখ্যা কৰিবলৈ কৈ ব্ৰাহ্মণ সকলক সম্বোধন কৰি কলে “ভাল, ভাল, তোমালোকে প্ৰথমতে হটিলা।” শঙ্কৰদেৱে বাজ আজ্ঞা পালন কৰি তাৰ চাৰি প্ৰকাৰ অৰ্থ কৰি শুনালত, ৰজাই পৰম প্ৰীতি লভি শঙ্কৰদেৱক প্ৰশংসা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত ৰজাই শঙ্কৰদেৱৰ কলে “শুনা শঙ্কৰ, বাহ্মণসকলে তোমাৰ বিৰুদ্ধে মোৰ ওচৰত গোচৰ দি কৈছে যে তুমি হেনো তুলসী নোলোৱা, গীতা শাস্ত্ৰ নামানা, পূজা হোম যাগ-যজ্ঞ সকলোকে বিসৰ্জন কৰিছা, দেৱতাৰ প্ৰতিমা ভাঙিয়া; এইবোৰ সঁচা নে মিছা, মোক ভালকৈ কোৱ।?” শঙ্কৰদেৱে কৰবোৰ কৰি উত্তৰ দিলে—“মহাৰাজ, এইবোৰ কথা সত্য নহয়। মই হৰিৰ ভক্ত, তুলসী নহলে হৰিৰ পূজাই নহয়; মোৰ মূৰত তুলসীৰ মালা আছে দেখক।” এই বুলি তেওঁ মুৰৰ চুলিৰ ভিতৰৰপৰা তুলসীৰ মালা উলিয়াই ৰজাক দেখলে; আৰু কলে -“মই গীতাৰপৰা আনি কৃষ্ণত একশৰণ ধৰ্ম্ম প্ৰচাৰ কৰিছে। গীতা আৰু ভাগৱত শাস্ত্ৰই আমাৰ ধৰ্মৰ শাহ; ভাগ- ৱতৰপৰা ন বিধ ভক্তি আনি প্ৰকাশ কৰিছোঁ, সেই ভক্তিৰ ভিতৰতে পূজা আছে; কিন্তু বিষ্ণুৰ বাহিৰ আৰে দেৱী দেৱ মোৰ পূজ্য নহয; সাত তজ্ঞ, পঞ্চত্ৰ তত্ৰ, আৰু বেদ বেদাঙ্গৰৰ মত সংগ্ৰহ কৰি মোৰ প্ৰচাৰিত ধৰ্মৰ অন্তৰ্গত কৰিছে৷; এনে স্থলত মই কেনেকৈ অনাচাৰী হলো কৰ নোৱাৰে।” এই উত্তৰ শুনি ব্ৰাহ্মণসকলৰ মুখ কলা পৰি গৈ তেওঁলোকে অসংলগ্ন কথাৰে ৰজাক বুজাবলৈ চেষ্টা কৰা দেখি ৰজাই কলে “বাৰু আজিলৈ সভা বিসৰ্জন কৰিলোঁ, কাইলৈ এইবোৰ বিষয়ে ভালকৈ মীমাংসা কৰা যাব।” এই বুলি ৰজাই সভা ভঙ্গ কৰি ভিতৰলৈ গল, আৰু আন আন সকলো ধৰাঘৰি গল। শঙ্কৰদেৱ সেইদিনা তেওঁৰ থকা ঠাইলৈ গলত, চিলাৰায় আৰু ৰাণী ভুবনেশ্বৰীয়ে তেওঁৰ জয় বাৰ্তা শুনি পৰম সন্তোষ পালে। পিছদিনা প্ৰভাততে শঙ্কৰদেৱে আনান কৰি ৰজাৰ ঘৰলৈ যাবলৈ প্ৰস্তুত হলত চিলাৰায়ে তেওঁৰ লগত মানুহনুহ দি মহা আড়ম্বৰ কৰি তেওঁক পঠিয়াই দিলে। শৰদেৱ ৰাজভাত প্ৰবেশ কলিত ৰজাই তেওঁক আসন গ্ৰহণ কৰিবলৈ কলে। শঙ্কৰদেৱ আগদিনাৰ ঠাইতে বহিল।