পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনবিংশ অধ্যায় ৰাজসভাত শঙ্কৰৰ বিচাৰ জয় আৰু প্ৰতিষ্ঠা লাহে লাহে গৰমলিৰ মুখে নৰনাৰায়ণ ৰজাই শুনিবলৈ পালে, কেনেকৈ শুৰুজে শঙ্কৰদেৱক তেওঁৰ দুতৰ হাতৰপৰা কাঢ়ি আনি নিজৰ ঘৰত লুকাই থৈ দিছে। তেওঁ এদিন সভাৰ মাজত স্পষ্টকৈ কলে যে “মোৰ ননুৱে মোক ভাণ্ডি শঙ্কৰক আনিলে ভালেই হল। এতিয়া ননুৱে শঙ্কৰক এবাৰ মোৰ ওচৰলৈ পঠিয়াই দিলেই ভাল হয়; মইও শঙ্কৰক লগ পাব খোজঁ, তেওঁৰ সৈতে ভালকৈ আলাপ কৰিবৰ মোৰ মন গৈছে। শুনিছে। তেওঁ হেনো বিবিধ শাস্ত্ৰত পণ্ডিত; বিস্তৰ গীত ভটিমা কবিতা আৰু শাস্ত্ৰ কৰিছে; তেওঁৰ মত কোনেও খণ্ডন কৰিব নোৱাৰে; তেওঁ নো কেননমতে হৰিভক্তি প্ৰচাৰ কৰিছে, তেওঁৰে সৈতে আলাপ কৰি মোৰ জানিবৰ মন গৈছে। এতেকে দুত এজন যোৱা, মোৰ ভাইৰজাক কোৱ। গৈ, তেওঁ যেন শঙ্কৰক সোনকালে মোৰ ওচৰলৈ পঠিয়াই দিয়ে। ননুক কব, তেওঁ যেন মোৰ আন প্ৰকাৰ মতলব বুলি নাভাবে।" ৰজাৰ এই কথা দুতে গৈ চিলাৰায়ক কলত, চিলাৰায়ে দূতক কলে যে “দদাই আগেয়ে শঙ্কৰৰ বিষয়ে যেনে যেনে কথা কৈছিল সেইবোৰ কথালৈ মন কৰিলে মোৰ মনত শঙ্কা হয়; সেইদেখি দদাই তেওঁৰ এজন স্নেহৰ পাত্ৰ লোকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক; সেই লোক জনক মই ৰাখি থৈহে শৰক দদাৰ ওচৰলৈ পঠিয়াম। যদি দদাই শঙ্কৰক কোনো দুখ দিয়ে, তেনেহলে মই সদাৰ সেই লোকজনক কটাম।” ভায়েকৰ এই কথা নৰনাৰায়ণে দুতৰ মুখে শুনি, তেতিয়াই এজন তেওঁৰ মেহৰ পাত্ৰক ভায়েকৰ ওচৰলৈ পঠিয়াই দিলে। শুৰুবজে সেই পাত্ৰজনক নিজৰ ওচৰতে ৰাখি শঙ্কৰদেৱক ৰজাৰ ওচৰলৈ পঠিয়াই দিলে। আৰু তেওঁ যোৰাৰ ডাক নিযুক্ত কৰিলে যাতে শঙ্কৰদেৱৰ বিষয়ে দাঁড়