এশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১২৫ সদাচাৰ কৰি আঁতাই দৰপৰা ৰিণিকি ৰিণিকি দেখিলে যে নাৰায়ণদাস ভাৰ্যা পুত্ৰৰে সৈতে তেওঁৰ ফাললৈ আহিছে। তেওঁ সেইফালে আনন্দিত মনে চাই থাকোঁতেই নাৰায়ণদাসে ওচৰ চাপি আহি তেওঁৰ চৰণত দণ্ডৱতে পৰি কান্দিবলৈ ধৰিলে; আৰু নৱজাত শিশুক তেওঁৰ আগত নি বলে। শঙ্কৰদেৱে নাৰায়ণক আশ্বাস কৰি কলে, “বাপু তুমি মোৰ নিমিত্তে বৰ দুখ পালা।” নাৰায়ণে কলে “বাপ, আপোনাৰ সেৱা ভালকৈ কৰা নাছিলো সেই অপৰাধতহে দুখ পালে। আপোনাৰ কৃপাত এতিয়া সকলো দুখ তৰিলোঁ আৰু আপোনাৰ চবণ সেৱা কৰিবলৈ আকৌ পালোঁ। দুখতে আপোনাৰ দাসৰ এইটি লৰা জন্ম হল, সেইদেখি ইয়াৰ নাম খীয়া থৈছে॥” শঙ্কৰদেৱে কলে “নাৰায়ণ, যেতিয়া ইয়াৰ জন্ম হল, তেতিয়া তোমাৰ দুখ গুটি তুমি আনন্দ পালা; এতোক ইয়াৰ নাম পৰমানন্দ দিলে। ইয়াৰ জমমত মোৰ এজন ভকত বাঢ়িল।" এই বুলি তেওঁ তেওঁৰ দক্ষিণ পদৰ আঙ্গুলি এটি পৰ-নিৰ মূৰত দি তাক লাব্বিাদ কৰিলে। এনে সময়তে হৰি গৰমলি শঙ্কৰৰ ওচৰত ওলালহি। গৰমলিয়ে শঙ্কৰৰ চৰণত পৰি স্তুতি কৰিবলৈ ধৰিলত, ঠাকুৰ আতাই তেওঁৰ বিষয়ে সকলো কথা শঙ্কৰদেৱৰ আগত উনাই কেেয “এক, বাপ, আপোনাৰ সেৱকৰ ভিতত গণ্য কবি ওক। এওঁ আৰ দুখত বহুত দয়া প্ৰকাশ কৰিছিল আৰু ৰজাৰ আগতে আমাৰ ফলীয়া হৈ অনেক কথা কৈছিল। বৰ শঙ্কটব সময়তে এওঁৰ অগ্ৰহত আমি সুখে আছিলো। এতেকে বাপ, এওঁক চৰণত ঠাই দিয়ক। গৰমলিয়ে শঙ্কৰদেৱক কলে “মই যি দিনা ৰাতি স্বপ্ন দেখিলে। সেই দিনাৰপৰা নিশ্চয় কবি আপোনাৰ চৰণত শবণ পশিলে।” শঙ্কৰদেৱে ঠাকুব আতাৰ প্ৰাৰ্থনা মতে হৰি গৰমলিক শৰণ দি অনুগ্ৰহ প্ৰকাশ কৰিলে। কিছুদিনৰ পিছত, শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰ আৰু গোকুলচান্দক তেওঁলোকৰ ঘৰলৈ যাবলৈ বিদায় দিলে। হৰি গৰমলিয়ে নিতৌ শঙ্কৰদেৱৰ ওচৰলৈ আহি তেওঁক সেৱা ভক্তি কৰি থাকিবলৈ ধৰিলে।