১২৪ এীশৰদেৱ আৰু শ্ৰীমাধৱদেৱ নি সিহঁতে কি কৰিব। ইয়াকে ভাবি সিহঁতে আলচ কৰি, নাৰায়ণ ঠাকুৰ আৰু গোকুলচালক ওভভাতাই আনি গৰমলিক দি সিহঁতৰ ধন ফিৰাই ললে। সেই চাৰিটা ভোটৰ এটাৰ নাম হাম৷ আৰু এটাৰ নাম পামা আছিল। ইয়াৰ পিছত গৰমলিয়ে ৰখীয়াহঁতক হুকুম দিলে যে “এওঁলোকৰ বান্ধ-চাটবোৰ লি দে। এওঁলোক দয়ো পৰম বৈষ্ণৱ মহাসাধু; এওঁলোক কেতিয়াও নপলায়। এই লি গৰমলিয়ে তেওঁলোকক মুকলি কৰি ফিৰাই ৰজাৰ ওচৰলৈ লৈ আহিল। ঠাকু আতাৰ ভাৰ্যা এই গোটেইখিনি কালত স্বামীৰ পিছে পিছে আছিল। ঠাকুৰ আতাই উভতি আহোঁতে বাটত ভাৰ্যাক পৰীক্ষা কৰিবলৈ কলে-“গুৰুজনৰ নিমিত্তে মই বৰ দুখ পালোঁ; তুমিও নানা মুখ ভূঞ্জিলা।' এই কথা শুনি তেওঁৰ ভাৰ্যাই আচৰিত মানি কলে-“হা কি কৰিলা স্বামী এমত বুলিয়া। অপমান কৰিবাক গুৰুক নাপায়। শাস্ত্ৰ সা কহিছন্ত দঢ়াই দঢ়াই॥ শৰীৰত আছে সুখ দুঃখ নানামত। অনিত্য শৰীৰ দুঃখ হোৱয় সতত। গুৰুৰ কাৰণে যি ঃখ আছা পাই। অনেক জন্মৰ ভাগ্য হৈয়াছে উদয়॥ভাৰ এনে তেজস্বী আৰু সাধু উত্তৰ শুনি নাৰায়ণ ঠাকুৰে তেওঁক ধন্য ধন্য বুলি প্ৰশংসা কৰিবলৈ ধৰিলে। তিন দিনৰ বাট উভতি অহাৰ পিছত ৰাতি গৰমলিয়ে এটা স্বপ্ন দেখি, ৰাতি পুৱাই নাৰায়ণ ঠাকু আৰু গোকুলচান্দৰ ওচৰলৈ আহি তেওঁৰ দোষৰ নিমিত্তে ক্ষমা প্ৰাৰ্থনা কৰি কলে “ৰজাৰ অজ্ঞাত নিৰুপায় হৈ মই তোমালোক দজন হৰিভক্তক দুখ দিলো। অজি- আসী মুখ ৰজাই লগনীয়া দুষ্ট বামুণসকলৰ কথা শুনি এনে কাম কৰিছে।” ইয়াৰ পিছত গৰমলিয়ে তেওঁলোকক ৰজাৰ আগত উপস্থিত কৰি আনুপৰ্বিক বৃত্তান্ত জনালত ৰজাই পৰম বিময় মানি তেওঁলোকক এৰি দিবলৈ হুকুম দিলে। গৰমলিয়ে তেতিয়াই তেওঁলোকক বাহিৰলৈ আনি এৰি দি কলে “মোক অনুগ্ৰহ কৰি আপোনাসকলে অপোনাসকলৰ গুৰু শঙ্কৰদেৱক দেখুৱাওক, তেওঁক দেখি মই পৰম কৃতাৰ্থ হওঁ।” সেই সময়ত ঠাকু আতাৰ স্ত্ৰীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল। ৰজাই নাৰায়ণ ঠাকুৰ আৰু গোকুলচালক যিদিনা মুক্তি দিলে, সেইদিন নাৰায়ণ ঠাকুৰ ভাৰ্যাৰ অশোচৰ অন্ত। ঠাকুৰ আতাই ভাৰ্য্যাৰে সৈতে নৱজাত শিশুক লৈ শঙ্কৰদেৱৰ ওচৰ পালেগৈ। ৰাতিপুৱাই শঙ্কৰদেৱে