শ্ৰীশঙ্কৰদেৱ আৰু বীমাধৱদেৱ ১২৩ পেলাই থৈ দিলে। নাৰায়ণ ঠাকুৰ ভাৰ্য্যাও ওচৰতে থাকিল। ভৰিত শিকলিৰ কটকটীয়া বা, ভালকৈ তেওঁলোকে শুবও নোৱাৰে। কেৱল ঘনে ঘনে হৰি নাম উচচাৰণ কৰি দুইজন বলী সেইভাৱে পৰি ৰল। গলি হলত দুয়ো নাম প্ৰসঙ্গ কৰিবলৈ ধৰিলে আৰু তাৰ পিছত লগত থকা পুথি এখন পাঠ কৰিবলৈ ধৰিলে দেখি গৰমলিয়ে বৰ আচৰিত মানি তেওঁ- লোক শুধিলে “অহৰ্নিশে তোমালোকে ঈশ্বৰৰ নাম লব লাগিছা; কিন্তু কতা, ঈশ্বৰে তোমালোক দেখোন নাৰাখে, মাত্ৰ দুখ ভুগি মৰিছা?” এইকথা শুনিয়া ঠাকুৰে পাছে দিলেক উত্তৰ। জগত পালন কৰে মায়ায়ে ঈশ্বৰ। কবশে সুখ দুঃখ দেহৰ আছয়। কৰ্ম্ম অনুসৰি তাক ভুঞ্জিবে লাগয়॥ বিনাশী দেহৰ অৰ্থে ভক্তে নবায়। ঈশ্বৰৰ ইচছা মাত্ৰ কহিয়া কয়। ঈশ্বৰৰ পাদপদ্মে মতি নাছৰোক। তাহান ভক্তৰ সঙ্গে সদা সহ হোক। এহি মাত্ৰ বাং কৰি নাম লৈয়া থাকে। তান প্ৰীতি বাজে বা নাহিক একো।" এই উত্তৰ শুনি গৰমলিয়ে একোকে নকৈ ওচৰৰে ঘৰ এটাত শুই থাকিল গৈ। ৰাতি দুপৰত নাৰায়ণ ঠাকুৰ আৰু গোকুলচালৰ ভৰিৰ লোৰ শিকলি কেনেবাকৈ ছিগি পৰিলত, নাৰায়ণ ঠাকুৰে তেতিয়াই তেওঁ- লোকৰ প্ৰহৰীক জান দিলে যে তেওঁলোকৰ ভৰিৰ শিকলি ছিগি গৈছে। প্ৰহৰীয়ে আহি তেনে হোৱা দেখি তেতিয়াই গালিক খবৰ দিলত, আকৌ গৰমলিয়ে দৃঢ় লোৰ শিকলিৰে তেওঁলোকক বন্ধলে। ইয়াৰ কিছুমান সময়ৰ পিছত আকৌ নাৰায়ণ ঠাকুৰে প্ৰহৰীক মাতি কলে যে আকৌ তেওঁলোকৰ ভৰিৰ শিকলি টুকুৰাটুকু হৈ ছিগিল। প্ৰহৰীৰে এই সংবাদ গৰমলিক দিলত তেওঁ আহি দেখি আচৰিত মানি মনতে ভাবিবলৈ ধৰিলে, যে এওঁলোক ঈশ্বৰ কৃষ্ণৰ ভকত; ৰজাই নাজানি মিছাতে এওঁলোকক কষ্ট দিছে। অৱশ্যে ৰজাৰ আদেশ মতে কাৰ কৰিবই লাগিব, নতুবা মোৰ ৰক্ষা নাই; সেইদেখি এওঁলোকক ভোটক বেচিবই লাগিব। ৰাতিপুৱা গৰমলিয়ে ভোট মাতি আনি তেওঁলোেক দুইকো দু-কুৰি টকাত তোক বেচি দিলে। ইয়াৰ পিছত তেওঁলোকক চাৰিটা ভোটে সিহঁতৰ পৰ্বতৰ ফালে লৈ গল। বাটত যাওঁতে বলী দুজনে মাত্ৰ ৰাম ৰাম হৰি হৰি উচ্চাৰণ কৰি গৈছিল, তাৰ বাহিৰে আৰু তেওঁলোকৰ মুখত আন কথা একো নাছিল। চৰিত্ৰত আছে যে, কিছুমান দৰ গৈ ভোট কেইটাই এজাৰ দেখিবলৈ ধৰিলত, সিহঁতে ভাবিলে এই দুটা নেওমানুহ; এই টাক