১২২ এৰদেৱ আৰু মাধৱদেৱ নামাৰিবি ঐ। বাৰু কওঁ।” এই কথা শুনি ঠাকু আতাই ততালিকে গোকুলচালক সাৱধান কৰি দিলে “গোকুল তুমি কি কব খুজিছ? গুৰুৰ কি বিষম কথা তুমি দেখিছা যে তুমি কব জিছা?” দুতে ঠাকু আতাৰ এইষাৰ কথা শুনি ঠাকুৰ আতাক বৰকৈ এমাৰ মাৰিলে; সেই মাৰত তেওঁৰ বাওঁহাত বাহৰ ওচৰৰ হাড় ভাগি গল। তথাপি তেতিয়াও ঠাকু আতাই দৃঢ় ভাৱে কলে “গুৰু সদাচাৰী। গুৰুৰ প্ৰতি কত্য কাম নকৰি মোৰ হাতে পীড়া পাইছে, বেছ হৈছে পাওক।” এইদৰে ৰজাৰ দতে ঠাকুৰ আতা আৰু গোকুলচান্দ আতৈক ওঠৰ দিন শান্তি দিলে, তথাপি তেওঁলোকে কৈ আছিল যে তেওঁলোকৰ গুৰু শঙ্কৰদেৱ সদাচাৰী; শঙ্কৰৰ মত শুদ্ধ; ধৰ্ম্ম শ্ৰেষ্ঠ। ইমান শান্তি দিয়ে দুতে তেওঁলোকৰ মখৰপৰ একাষাৰ কথা শঙ্কৰ- দেৱৰ বিপকে উলিয়াব নোৱাৰি নিৰুপায় হৈ শেহত ৰজাক কলেগৈ যে সিহঁতে তেওঁলোকক যিমান শান্তি দিলে কৈ আঁতাৰ নোৱাৰে, তথাপিতেওঁ লোকে এক বাক্যে শঙ্কৰক সদাচাৰী আৰু শঙ্কৰৰ মত শুদ্ধ বুলিহে কয়; এই কথাৰ বাহিৰে তেওঁলোকে একো নকয়। ৰজাই তৰ মুখে এই কথা শুনি যদিও আচৰিত মানিছিল, তথাপি হৰি গৰমলিক আদেশ কৰিলে যে তই ইহঁতক লৈ গৈ ভোটক বেচি দে গৈ। ইহঁতৰ এনে অৱস্থা শুনিলে তেহে আন লোকে ভয় খাই আৰু শঙ্কৰৰ ধৰ্মমত গ্ৰহণ নকৰিব।” গৰমলিয়ে ৰজাৰ আদেশ শুনি তেওঁলোকক বান্ধি ভোটক বেচিবলৈ লৈ গল। ঠাকু আতাৰ ভাৰা ৰামীৰ পিছে পিছে বেহাৰলৈকে আহিছিল; তেওঁ স্বামীৰ দুখ নিজ চকুৰেই দেখি আঁতৰে আঁতৰে আছিল; আৰু ইমান বিপদত বামীৰ ঈশ্বত আত্মসমৰ্পণ আৰু গুৰুত অচলা ভক্তি দেখি তেওঁ নিজক এনেজন পুৰুষৰ ভাৰ্যা লি ধন্য মানি গোটেই ডোখৰ কালত পৰম কাকুতি ভাৱে ঈশ্বৰৰ চৰণত ৰামীৰ ৰক্ষাৰ্থে প্ৰাৰ্থনা কৰি আছিল। যেতিয়া তেওঁ দেখিলে যে তেওঁৰ স্বামীক ভোটক বেচি দিবলৈ লৈ যোৱা হৈছে, তেওঁ নিজৰ মন দৃঢ় কৰি সপে কৰিলে যে তেৱে। স্বামীৰ লগতে যাব আৰু মৰিব লাগিলে স্বামীৰ লগতে মৰিব, এই ভাবি তেওঁলোকৰ পিছে পিছে গল। হৰি গৰমলিয়ে ঠাকু আতা আৰু গোকুলচানক লৈ গৈ হাট পোৱাই এটা ঘৰৰ ভিতৰত লোৰ শিকলিৰে দুইৰে ভৰি ৰাজি ইকো