শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১২১ গল; লোক কোন আৰু কলৈ যায বুলি তেওঁলোকক শুধিলত, নাৰায়ণ ঠাকুৰে কলে যে তেওঁলোক শঙ্কৰদেৱৰ ভক্ত, শঙ্কৰদেৱৰ খবৰ লবলৈ আহিছে; কাৰণ তেখেত কত আছে, কলৈ গল, তেওঁলোকে একে। বাতৰি নাই পোৱা। এইকথা শুনি বজাৰ দূত দুটাই শঙ্কৰদেৱৰ সলনি তেওঁলোক দুজনকে ধৰি লৈ গৈ নৰনাৰায়ণ ৰজাৰ আগত হাজিৰ কৰি দিলে গৈ। দূতে ৰজাৰ আগত কলে, যে সিহঁত পোৱাৰ আগেয়েই শঙ্কৰ কৰবালৈ পলাই শঙ্কৰৰ এই দুজন প্ৰিয় শিষ্য; সেইদেখি সিহঁতে এওঁলোককে ধৰি আনিছে। দুতৰ কথা শুনি নৰনাৰায়ণ বজাই তেওঁলোক দুজনক শুধিলে, “তহঁতে ক, শঙ্কৰ কলৈ গল? তেওঁলোকে কলে “আমি একো নাজানো।" ৰজাই তেওঁলোকক কলে “শঙ্কৰৰ কেনে ব্যৱহাৰ চাওঁকচোন, সকলো প্ৰজাক শঙ্কৰে কেনে অধী কবিছে; কাকে। পুজা হোম আদি কৰিব নিদিয়ে। ব্ৰাহ্মণসকলে শঙ্কব অধৰ্মী বুলি মোৰ আগত গোচৰ দিছে , এই কথা সঁচা নে মিছা তহঁতে ঠিক কৈ কচোন?' ৰজাব এই প্ৰশ্ন শুনি তেওঁলোক দুজনে হাতযোৰ কৰি কলে “মহাৰাজ, শঙ্কৰৰ শুদ্ধ মত বুলি সকলোৱে জানে। ব্ৰাহ্মণসকলে মিছা কথা কৈ পাতক সঞ্চয কবিছে মাথোন।” তেওঁলোকৰ মুখৰপৰা এই কথা শুনি ৰজাই ক্ৰোধ কৰি দূতক কলে “ইহঁতে মিছা কথা কৈছে। সকলোৱে শঙ্কৰ অনাচাৰী বুলি কয়। ইহঁতক শান্তি কৰিবলৈ লৈ যা, যেতিয়ালৈকে ইহঁতে সচা কথা কয় তেতিয়ালৈকে ইহঁতক শান্তি কৰি থাকিবি।” ৰজাৰ হুকুম শুনি দুতে তেওঁলোকক বাহিৰলৈ আনি শাস্তি দি কলে “শঙ্কৰ অধী অনাচীৰ বুলি কক, নকলে তহঁতে জীৱনৰ আশা এবি দে।” ঠাকুৰ আতাই উত্তৰ দিলে “শঙ্কৰৰ ধন্মমত অতি শুদ্ধ; গীতা ভাগৱত শাস্ত্ৰ অনুযায়ী। যতবাব নাৰায়ণ ঠাকুৰে শঙ্কৰৰ শুদ্ধ মত বুলি কয়, ততবাৰ তে তেওঁলোকক মাবে আৰু হাত ভৰি মুৰ গা আদিত ভয়ানক শাস্তি দিয়ে। নাৰায়ণ ঠাকুবৰ যি অঙ্গতে দুতে শাস্তি দিযে, তেওঁ তেতিয়াই তাৰ বিষয়ে কয়,-- ‘‘আতা বোলে হন্তে কৃষ্ণ কৃত্যক নকবে। পাৱে গুৰু ঘৰে নতু ক্য গমন। মাথা গোটে গুৰু পাৱে নকবে বন্দন || সি কাৰণে অঙ্গ সবে শান্তি পায়। ভাল হৈছে কৰ শাস্তি যতেক পায়।” মাৰি মাৰি সূত হাইৰণ হৈ শেহত সিহঁতে অন্ধৰা-খৰি আনি তাৰে তেওঁলোকক কোবা- বলৈ ধৰিলে। বৰকৈ পীড়া পাই, এবাৰ গোকুলচালে দুতক কলে, “আৰু