পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ - ৰজাৰ আজ্ঞা শুনি তেতিয়াই মন্ত্ৰীয়ে দুজনদুত শঙ্কৰক ধৰি নিবলৈ পাচিলে। ৰজাৰ এই কথা ভায়েক তৰুজে শুনি বৰ বেজাৰ পাই, অলপমান পৰ ভাবি থাকি, পিছত মনতে কৰ্তব্য থিৰ কবি, আঠজন দত, নাও নাৱৰীয়াৰে সৈতে, শঙ্কৰদেৱক লৰালৰিকৈ তেওঁৰ ওচৰলৈ আনিবলৈ পঠিয়াই দিলে। তেওঁ মাজীক ডাঢ়াই ডঢ়াই হুকুম দিলে যে সিহঁতে ৰাতিয়ে দিনে বেগা- বেগিকৈ নাও বাই গৈ, ৰজাৰ দুতে শঙ্কৰক ধৰাৰ আগেযেই যেন তেওঁক নাৱত তুলি তেওঁৰ ওচৰলৈ লৈ আহে। সিহঁত শঙ্কৰ ওচৰ পোৱাৰ আগে- য়েই যদি ৰজাৰ দূতে সেইখিনি পাই শঙ্কৰক ধৰে গৈ তেন্তে সি তেৰজাৰ দূতৰ হাতৰপৰা শঙ্কৰক বলেৰে কাঢ়ি আনিব। যদি সিহঁতে তেওঁৰ হুকুমত শঙ্কৰদেৱক ৰজাৰ দত পোৱাৰ আগেয়ে বা পিছতো সাৱধানে আনিব নোৱাবে, তেন্তে সিহঁতক তেওঁ নিশ্চয় গুৰুতৰ Fও দিব। সিহঁতে ৰজাৰ দূতক দেখুৱাই, শঙ্কৰদেৱৰ গাত সতাৰ কাষণা সম্পৰ্কে জগৰ আছে বুলি কৈ বন্দী কৰিব। কিন্তু সাৱধান, শঙ্কৰে যেন বাটত কোনো দুখ বা অপমান নাপায়। চিলা ৰায়ৰ এই হুকুমতে তেওঁৰ আঠজন দুত আৰু মাজীতে দুদিনে পাটবাউসী পাই, শঙ্কৰদেৱক এই বাতৰি কলত, শঙ্কৰদেৱে হাঁহি সিহঁতক অনুমতি দিলে, আৰু সিহঁতে তেওঁক দেখুৱাই বন্দী কৰিলে। সেই সমযতে নৰনাৰায়ণ ৰজাৰ দূত টা আহি তাত উপস্থিত হল। বজাৰ দূতে শঙ্কৰক ধৰিবলৈ হাত মেলোতেই, চিলাৰায় দেৱানৰ দূতে সিহঁতক ঢক। মাৰি খেদি আঁতৰাই কলে ‘যদি তহঁতে ভালে ভালে সাৰি যাবৰ আশা কৰিছ, তেন্তে খবৰদাৰ, শঙ্কৰদেৱৰ গাত হাত নিদিবি; এওঁক আমি ছোট ৰজাৰ হুকুমমতে আগেয়ে বন্দী কৰিছে; সুতাৰ ধনৰ বাবে এওঁৰ গাত জগৰ আছে।" 1 ৰজাৰ দুতক এইদৰে খেদাই দ্বি, শুধ্বজৰ দূতে শঙ্কৰদেৱক অতি সন্তৰ্পণে নাৱত তুলি লৈ আহিল। শঙ্কৰদেৱৰ লগত মাত্ৰ চাৰিজন ভকত আহিছিল শুৰুজে শঙ্কৰদেৱক অতি সমাদৰ কৰি, তেওঁৰ ফুলনিৰ বহাত গুপুতে থৈ দিলে। নৃপতিৰ দুত দুজনে তেতিয়া কি কৰিব, কি হব, ভাবিবলৈ ধৰিলে; কাৰণ সিহঁতে শৰক ধৰি নিব নোৱাৰিলে ৰজাই সিহঁতক যে কটাব সেইটো এক প্ৰকাৰে থিৰাং। এইদৰে সিহঁতে বাটত ভাবি গৈ থাকোঁতে, সিফালৰ- পৰা নাৰায়ণ ঠাকু আৰু গোকুলচালক অহা দেখিলে। দুত দুটাই, তেওঁ