তুমি মিছ৷ কলা।” মাধৱে উত্তৰ দিলে “বাপ, মই মিছা কোৱা নাই;
-“ঈশ্বৰৰ অংশ জীৱ নাহিকে মৰণ। ভকতি নাহিকে দেহ ভৈল কাল
বৰ্ণ। ঈশ্বৰ নিৰ্মাল্য সিতো ঘ্ৰাণ নকৰই। সি হেতু চেপেটা নাক ভৈলন্ত
তথায ॥ তোমাৰ নামক কদাচিতে মুখে নাসে। উজলা দৰ্শন তাৰ
মুখত প্ৰকাশে॥ মাথা গোট তযু পদে সেৱা নকৰিল॥ সি কাৰণে মাথা
গোট টেপা মৰা ভৈল॥ কোনোবা জন্মত আমি লাগ পাইছোঁ তাক।
কোন খানি কৈয়া আছোঁ আমি মিছা বাক॥ ভক্তসমে অন্ন মুঠি ভূঞ্জিবা
গোঁসাই। এতেকতে সুবাসনা লভিবেক তাই॥” মাধৱদেৱে আৰু কলে
যে “মই বুঢ়ীক তাইৰ পুতেকৰ কথা কোৱাৰ পিছতে, পুতেক আহি তাত
ওলালহিয়েই।” এই ব্যাখ্যা শুনি শঙ্কৰদেৱে কলে “বঢ়াৰ পোৱে তেওঁৰ
কথা যেনিয়েই পোনায় তেনিয়েই মিল হৈ যায়। ইয়াৰ পিছদিনা বাটত
যাওঁতে এক সন্ন্যাসীয়ে তেওঁলোকৰ লগ ধৰিলে। সন্ন্যাসীক দেখি শঙ্কৰ
মাধৱ দুয়ো তাক ভণ্ড বুলি জানি অলপ হাঁহিলে। কিন্তু ৰামৰায়ে তাক
আচল সন্ন্যাসী বুলি ভাবি তাৰ লগে লগে যাৰলৈ ধৰিলে। শঙ্কৰদেৱে
ৰামৰায়ক সন্ন্যাসীৰ লগত যাবলৈ হাক দি কলে যে সি ডকাইত, তাৰ
লগত তুমি নাযাবা। ৰামৰায়ে কিন্তু সেই কথা নুবুজি তাক প্ৰকৃত সন্ন্যাসী
ভাবি তাৰ কথাত মোহ গৈ ফান্দত পৰি তাৰে সৈতে যাবলৈ ধৰিলে।
শঙ্কৰদেৱে মাধৱদেৱ আৰু আন আন ভক্তসকলেৰে সৈতে গধুলি গৈ এঠাইত
ৰলগৈ, কিন্তু ৰামৰায়ে সন্ন্যাসীটোৰ লগত গৈ তাৰে সৈতে আন এঠাইত
ৰলগৈ। খাইদাই ৰাতি ৰামৰায়ে তাৰে সৈতে একে ঘৰতে শুই থাকোঁতে,
তেওঁৰ টোপনি আহিলত, সন্ন্যাসীটোৱে তেওঁক বান্ধি পেলালে। ৰামৰায়ে
তেতিয়া বৰকৈ চিয়ৰিবলৈ ধৰিলত, শঙ্কৰদেৱে দুৰৰপৰা সেই চিয়ঁৰ শুনি
মাধৱদেৱ আৰু আন আন ভকতসকলক পঠিয়াই দিলত, তেওঁলোকে ধৰ ধৰ
বুলি লৰি অহা গম পাই সন্ন্যাসী ডকাইতে ৰামৰায়ক এৰি তেওঁৰ
বেহানি যি পালে সোপাকে লৈ পলাই গুচি গল।
ডাইটোৱে সৰ্ব্বস্ব লুটি লৈ ৰামৰায়ক সৰ্ব্বুলুঠুং কৰা দেখি শঙ্কৰদেৱে তেওঁক নিজৰপৰা প্ৰৱতিবলৈ দ্ৰব্য বস্তু দিলে।
শঙ্কৰদেৱে এইদৰে গৈ বাহিৰ বিলাইত পালত, দেখিলে যে তত দোকান-পোহাৰ একো নাই। তেওঁ মাধৱদেৱৰ কলে যে ভোজনৰ দ্ৰব্য বস্তুৰ আজি কি দিহা হব, দোকান-পোহাৰ ইয়াত দেখোন একো নাই।