১১৬ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ সি আৰু অলপ ডাঙৰ হল। এটা মৰাই আহি সেই খোত ধূলি লৈ তাক আৰু ডাঙৰ কৰিলে। ইয়াৰ পিছত এদিন বৰষুণ হলত, সেই খোত পানী বলত, এটা বগাহৰি আহি তাতে লেট ললে। বৰাই তাত লেটি লোৱাত সেইটো আৰু বহল আৰু দ হৈ পৰিল। এদিন তাতে মহ গোটা- চেৰেক পৰি লেটি ললত সি এটা ডাঙৰ ঘূলি হৈ পৰিল। ইয়াৰ পিছত হাতী আহি তাত পৰিবলৈ ধৰিলত লাহে লাহে সি ঘূলি গুচি এখন ডাঙৰ সৰবৰ হৈ পৰিলত, মানুহে আহি সেই সৰবৰত গা ধুই তাৰ পানী খাবলৈ ধৰিলে। প্ৰজাৰ এই উপকাৰ হোৱাত যি পুণ্য সঞ্চয় হৈছিল, সেই পুণ্য সেই টিপচীয়ে পাবলৈ ধৰিলে। এতেকে সিদিনা যি জনী বুঢ়ীয়ে আমাক প্ৰথমতে চাউল দি আনক আহি দেখুৱালে তাৰ পুণ্য সেই বুঢ়ীৰ।” ইয়াৰ পিছত তেওঁলোক কামৰূপ ৰাজ্যত সোমালহি। এদিন পথত ভোজনৰ দ্ৰব্য ঢুকুৱাত, শঙ্কৰদেৱে মাধৱক কলত মাধৱে কত চাউল-সিধা পোৱা যায় বিচাৰি গাৱলৈ গল। তেওঁ এঘৰত সোমাই দেখিলে, এজনী বুঢ়ীয়ে কান্দিব লাগিছে। বঢ়ীয়ে কিয় কান্দিছে তাৰ কাৰণ শোধাত, বুঢ়ীয়ে তেওঁক কলে যে তাইৰ একেটি পো ৰণলৈ গল, আজিলৈকে সি উভতি নাহিল। সি মৰিয়েই গল নে, তাৰ কি হল, ইমান দিনে একো খবৰ নাপাই তাই শোকত কান্দিছে। এই কথা শুনি মাধৱদেৱে বুঢ়ীক কলে “বুঢ়ী তই একো চিন্তা নকৰিবি, নাকান্দিবি, তোৰ পুতেৰ নিশ্চয় ঘৰলৈ উভতি আহিব, মই তাক দেখি আহিছোঁ।” বুঢ়ীয়ে ব্যস্ত হৈ কলে “কিজানি তুমি মিছাকৈয়ে কৈছা। বাৰু তাক দেখিবলৈ কেনে কোৱাচোন?” মাধৱদেৱে কৰে তাৰ বৰণ কলা; নাকটো চেপেটা; দাঁত উজলা; মূৰটো হেচা-মৰা; বছৰ পঁচিশ মান হব।” পুতেকৰ এই বৰ্ণনা শুনি বুঢ়ীয়ে আনন্দিত হৈ কলে “হয়, মোৰ পোটো এনেকুৱাই। তুমি বোপাই মোক ভাল বাতৰিাট দিলা।” এই বুলি বুঢ়ীয়ে কৈ থাকোতেই অকস্মাৎ তাইৰ সেই পুতেক আহি ওলালহি। বুঢ়ীৰ আনলৰ পাৰ নাইকিয়া হল। বুঢ়ীয়ে মাধৱদেৱক বৰ কৃতজ্ঞতাৰে সেৱা কৰি অনেক চাউল-লোণ আনি দিলেহি। ভকতসকলে সেইবোৰ ভাৰ বান্ধি আনি শঙ্কৰদেৱৰ ওচৰত দিলত, শঙ্কৰদেৱে মাধৱক সেইবোব কেনেকৈ পলে শুধিলত, মাধৱে সকলো বৃত্তান্ত কলে। শঙ্কৰদেৱে শুনি বিৰক্ত হৈ মাধৱক কলে “বঢ়াৰ পো,