শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ১১৫ চিহু নাই, কালক্ৰমত সেইবোব বিভিন্ন হৈ পৰিছে; দশম শাস্ত্ৰৰ বৰ্ণনা মতে বৃন্দাবন এতিয়া নেদেখিলে শাস্ত্ৰৰ কথাত আমাৰ মনত শঙ্কা উপজিব পাৰে, গতিকে দশমতে যি বৃন্দাবন দেখিছে। সেয়েই যথেষ্ট; সেইদেখি আৰু বৃন্দাবন দৰ্শন কৰিবলৈ মোৰ মন নাই। আপোনাৰ চৰণত বাপ, এই প্ৰাৰ্থনা, যেন এই ভূতৰ মনোৰথ পূৰণ কৰে।" এই কথা শুনি শঙ্কৰদেৱে হাঁহি কলে “বঢ়াৰ পো যলৈ নাযায় তালৈ আমাৰ যোৱা নমুৱায়। এতেকে আমি সকলো উনিলৈহে যাম।” বাটত যাওঁতে এদিন বব ৰদত পুৰি-ডেই তেওঁলোক নৈৰ পাৰব এজোপা বৰ গছৰ তলত বহি জিৰাইছিল; পিয়াহত সকলোৰে মুখ শুকাই গৈছিল। এনেতে মাধৱদেৱে থেকেৰাৰ বৰি উলিয়াই আনি দিলত, তেওঁলোকে বৰি মুখত লৈ পানী খাই সুস্থ হৈ পৰিল। শঙ্কৰদেৱে মাধৱৰ এনে সুবদ্ধি দেখি তেওঁক প্ৰশংসা কৰিবলৈ দলিলে। পুবমুখে গৈ তেওঁলোকে কিছুদিনৰ মূৰত ভাগীবথী পাই তা: স্নান দান আদি কাৰ্য কৰি ৰল। এদিন যাওঁতে বাটত, বললাম আতৈয়ে পানীকাৰ্যৰ নিমিত্তে অলপ পিছ পৰিছিল। দুটা খটে তেওঁক অকলশৰীয়াকৈ পাই গৰুৰ হাড়েৰে কোবাই মাৰিবলৈ ধৰিছিল। বলোবামৰ চিয়ৰ শুনি শঙ্কৰদেৱে লগৰ আন ভকতসকলক লৰুৱাই পঠিয়াই দিলত, তেওঁলোকে বলোৰামক খট দুটাৰ হাতৰপৰা এৰুৱাই খটদুটাক বান্ধি মাৰ-ধৰ কৰি শঙ্কৰদেৱৰ ওচৰলৈ লৈ গলত, শঙ্কৰদেৱে সিহঁতক মাৰিবলৈ হাক দি কলো “বোৰামক শোধ, তেওঁ ইহঁতক যি শাস্তি দিবলৈ কয়, তাকে কৰিবা।” বলোৰামে কলে “মোৰ অদৃষ্টত লিখন আছিল মই মাৰ খালে; ইহঁতৰ কি দোষ? ইহঁতক এৰি দিলেই ভাল।” এই কথা শুনি শঙ্কৰদেৱে বলোৰামক প্ৰশংসা কৰি কলে-“হৰিৰ ভকতে পৰৰ অপকাৰ অলপপ নিশ্চিন্তে; নিজৰ সুখ দুখলৈ অলপো কাণ নকৰি, সুখ-দুখ নামানি সৰ্ব্বতিকালে ভূতদয়া আচৰণ কৰে। ইয়াৰ পিছত গৈ থাকোঁতে বৰ ৰদৰ তাপত দুখ পাই শঙ্কৰদেৱ ভকতাকলেৰে সৈতে এজোপা গছৰ ছাঁত জিৰাবলৈ বহি। গছৰ তলত বহি শঙ্কৰদেৱে ভকতসকলৰ আগত টিপচী চৰাইৰ এটি দৃষ্টান্ত কলে- “এদিন এটি টিপচী চৰাইয়ে এঠাইত পৰি পাখি জোকাৰি ধুলি লৈ অকণমান খোৰ এটি কৰিছিল; সেই খোৰতে কপৌ এটা পৰি বুলি লৈ গলত