মন্দিৰৰ ভিতৰলৈ যাবলৈ আহিছোঁ।” দুৱৰিয়ে এই কথা শুনি হৰি হৰি সুৱঁৰি কলে “ভাল সময়ত আহিলাহঁক। জগন্নাথ মহাপ্ৰভুৱে এতিয়া শয়ন কৰিছে; ব্ৰহ্মা আহিলেও ভিতৰলৈ যাব নোৱাৰে; মই কেতিয়াও দুৱাৰ মেলি দিব নোৱাৰোঁ।” চৰিত্ৰত আছে, দুৱৰিৰ এই কথা শুনি চাৰিউজন চতুৰ্ভুজ হল। দুৱৰিয়ে তেওঁলোকক তেনে হোৱা দেখি কলে “এই ক্ষেত্ৰ স্থানত কৃমি কীট পৰ্যন্ত সকলোকে দেৱতাসকলে চতুৰ্ভুজ দেখে, এতেকে সকলোৰে চাৰি ভুজ আছে; ইয়াকে মোক দেখুৱাই হবলা তোমালোকে ভিতৰলৈ যাবলৈ আহিছা?” এই কথা শুনি শঙ্কৰদেৱ আৰু চৈতন্যদেৱ দুয়ো অষ্টভুজ হল। তেতিয়া দুৱৰিয়ে আচৰিত মানি তেওঁলোকক দণ্ডৱৎ হৈ সেৱা কৰি দুৱাৰ মেলি দিলত, চাৰিউজন মন্দিৰৰ ভিতৰত সোমাল। ৰাতিপুৱা পাণ্ডাসকলে যেতিয়া মঙ্গল আৰতি কৰিবৰ নিমিত্তে মন্দিৰৰ দুৱাৰ মেলিলে, তেতিয়া তেওঁলোকে দেখিবলৈ পালে যে শঙ্কৰদেৱ মন্দিৰৰ ভিতৰত অকলৈ বহি আছে। তেওঁলোকে ৰাতিৰ ঘটনা দুৱৰিৰ মুখে শুনি আশ্চৰ্য হৈ শঙ্কৰদেৱৰ আগত প্ৰেমভাৱে পৰিল। দহজন পাণ্ডাই তেতিয়াই শঙ্কৰদেৱৰ ওচৰত শৰণ ললে; আৰু শঙ্কৰদেৱে তেওঁলোকক ভক্তি ধৰ্ম্মৰ উপদেশ দিলে। পাণ্ডাসকলৰ মতে চৈতন্য, ৰমানন্দ, আৰু হৰিব্যাস জগন্নাথদেৱৰ শৰীৰত লীন হল, শঙ্কৰদেৱৰ ভক্তসকলৰ মতে তেওঁলোক শঙ্কৰদেৱৰ গাত লয় হল।
পুৰীৰপৰা শঙ্কৰদেৱে ভক্তসকলেৰে সৈতে উলটি আহি মহানদী পাই, সাতদিনৰ মূৰত বৃন্দাবনলৈ যোৱা বাট পালেহি। তেওঁলোক সেইদিনা তাতে বাতি থাকি, পিছদিনা স্নান নাম-প্ৰসঙ্গাদি কাৰ্য্য কৰি বৃন্দাবনলৈ যাবলৈ সাজু হৈ ওলাইছে, এনেতে দেখা গল, যে আন দিনা মাধৱদেৱে শঙ্কৰদেৱৰ পিছে পিছে আহে, কিন্তু সেইদিনা তেওঁৰ আগ হৈ উজানলৈ আৰ বাট ধৰিলে। তেওঁ এনে কৰা দেখি, শঙ্কৰদেৱে তেওঁক শুধিলে “বঢ়াৰ পো, আজি কেনে দেখোন! বৃন্দাবনলৈ যোৱা বাট এৰি যাব লাগিছা দেখোন?" এইকথা শুনি মাধৱদেৱে অতি বিনয় কৰি কলে “বাপ, বৃন্দাবনলৈ যাবৰ কোনো সকাম নাই। তোমোৰাই দশম শাস্ত্ৰৰ মনোৰম পদ কৰি বৃন্দাবনৰ লীলাৰ সকলোখিনি সুন্দৰকৈ বৰ্ণনা কৰিছে, তাক পঢ়ি শুনি আমাৰ মন উপশম হৈ আছে। বৃন্দাবনত এতিয়া পূৰ্বৰ