পালন কৰিম, কিন্তু ই যে প্ৰসাদ নহয়, মই কেনেকৈ খাম। আটিকাৰ
ভিতৰত চুলি এডাল আছে, সেই দেখি অপবিত্ৰ হোৱা বাবে জগন্নাথ
মহাপ্ৰভুৱে সেই প্ৰসাদ গ্ৰহণ কৰা নাই। তোমালোকে মিছাতে তাক
প্ৰসাদ বুলি ভোজন কৰিলা। দক্ষিণ শাৰীৰ আটিকাৰ ভাণ্ড অনাই ভঙ্গাই,
চোৱাঁ মোৰ কথা সঁচা নে মিছ৷ তাৰ প্ৰমাণ পাবা।” এই কথা বৰ পাণ্ডক
কোৱা হলত, পাণ্ডাই সেই আটিকা আনি ভাঙি দুটুকুৰা কৰি দেখিলে,
কথা সঁচা, তাত এডাল চুলি ওলাই পৰিল! এই কাণ্ড দেখি
তিনিউজনে আচৰিত মানি শঙ্কৰক ঈশ্বৰশক্তিৰ বুলি প্ৰশংসা কৰিলে।
এদিন ৰাতি তেওঁলোকেৰে সৈতে তাত একে ঠাইতে শঙ্কৰ বহি থাকোতে দেৱদাসীসকলে নৃত্য গীত কৰিছিল। এজনী নৰ্ত্তকীয়ে পাক দিওঁতে তাইৰ ঘূৰী উৰি গল। ঠিক সেই সময়তে শঙ্কৰদেৱে ঈষৎ হাস্য কৰিলে। এনেকুৱা হোৱা দেখি চৈতন্য, হৰিব্যাস আৰু ৰামানন্দ তিনিও জনে শঙ্কৰক কলে যে “তুমি হাঁহিলা কিয়? তোমাৰ মনৰপৰা এতিয়াও মায়া গুচা নাই।” শঙ্কৰদেৱে উত্তৰ দিলে “ তোমালাকে অবিবেকী ভাৱে এনে কথা কৈছা। কিয় হাঁহিলোঁ শুনা,-পাণ্ডা এজনে মহাপ্ৰভুৰ পৰমান্ন পাক কৰিছে। পৰমান্ন লৰাওঁতে তপত পৰমান্নৰ চিটিকনি আহি তেওঁৰ হাতত পৰিলত, তেওঁ তাক চেলেকি খাই থলে। তপত পৰমান্নৰ পোৰণিৰ জ্বালত পাণ্ডাই চট্ফট্ কৰিছে। পাণ্ডাক মতাই আনাই চোৱাঁহক, তেওঁৰ হাতৰ ছাল গুচিছে।” এই কথা বৰ পাণ্ডাক কোৱা হলত, পাণ্ডাই গৈ চালত, সেই ৰান্ধনি পাণ্ডাক সেইমতে পাই তেওঁৰ হাতত ধৰি সভাৰ মাজলৈ আনিলে।
ইয়াৰ পিছত চাৰিউজনে চাৰিজনৰ ভালকৈ আত্মপৰিচয় পালে; আৰু চৈতন্য, হৰিব্যাস, আৰু ৰামানন্দ তিনিউজনে শঙ্কৰৰ মত শুদ্ধ বুলি স্বীকাৰ কৰি আৰু সেই দিনাৰপৰা বাদ নকৰা হল। এইদৰে পোন্ধৰ দিন চাৰিউজনে শাস্ত্ৰালাপ কৰি শাস্ত্ৰৰ কথা বিচাৰ আৰু আলোচনা কৰি থাকি, ঘোড়শ দিনাৰ ৰাতি চাৰিজন একেলগে জগন্নাথ মন্দিৰলৈ গল। তেতিয়া মন্দিৰৰ ভিতৰত জগন্নাথদেৱৰ মহাশৃঙ্গাৰৰ কাৰ্য্য সমাপনৰ অন্তত নিজ্জন হৈ, দুৱাৰৰ কপাট বন্ধ কৰা হৈছিল। দৱৰিয়ে তেওঁলোকক দুৱাৰমুখত কোন বুলি শুধিলত, শঙ্কৰদেৱে কলে “আমি কৃষ্ণক দৰ্শন কৰিবৰ নিমিত্তে