শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ লোভ মোহ কাম ক্ৰোধ মদ মান ইসৰ বৈৰীৰ সঙ্গে। আপোন ইচছায়ে পাপ আচৰিয়া বেৰাইলো মনত ৰঙ্গে। পৰ তিৰী পৰ ধনৰ আশায়ে সদায় আকুল ভৈলে॥ তুমি মহাধন তোমাক নেসেবি জনম বিফল কৈলো। আয়ু আলেজালে গৈল পাইলে কালে প্ৰাণ কোন দিন পৰে। যমৰ যাতনা শুনিয়া হৃদয় কম্পিত ভৈগৈল বৰে। তোমাৰ অভয় চৰণে শৰণ বিনে নাহি আন গতি। তুমি দয়াময় জানিয়া কহয় মাধৱ মুখমতি॥” ইয়াৰ পিছত শঙ্কৰ মাধৱ দুয়ো সেৱকসকলৰ দ্বাৰাই পৰিত হৈ তাতে বহিলত পাণ্ডাই তেওঁলোকক সেই স্নানৰ নিয়ম অনুসৰি হাতত বেত লৈ মাৰিবলৈ অহা দেখি মাধৱদেৱে এই শ্লোক মাতি তেওঁলোকক বেতৰ প্ৰহাৰ কৰিবলৈ মানা কৰিলে “কদা বেত্ৰ প্ৰহাৰেণ ৰুধিৰং যায়তে মম। শাদয়গা দেৱগণা নিত্যং বান্তি সৰ্বদা।” অৰ্থাৎ হৰিৰ দ্বাৰত বেত্ৰব প্ৰহাৰ পাই শৰীৰৰ ৰক্ত কেতিয়া বাহিৰ হব, এই আশা ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলেও বাঞ্ছা কৰি থাকে, এনে বেত্ৰৰ প্ৰহাৰ খাবলৈ আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰ কি যোগ্যতা আছে।* মাধৱ- দেৱৰ এই কথা শুনি পাণ্ডাসকলে বেত নামাৰি গুচি গল। চৰিত্ৰত আছে, ঈশ্বৰৰ আন তিনি অৱতাৰ বুলি খ্যাত শ্ৰীচৈতন্য, হৰিব্যাস আৰু ৰামানন্দ এই সময়তে তাতে শঙ্কৰদেৱৰে সৈতে বহি, চাৰিউজনে নিজ নিজ মতৰ প্ৰাধান্য স্থাপন কৰি বাদ কৰিছিল। তেওঁ লোকে প্ৰতিদিন আহি এইদৰে বাদ কৰি থাকোঁতে, এদিন পাণ্ডাই তাতে তেওঁলোকক জগন্নাথ প্ৰসাদ আনি দিলে। হৰিব্যাস, ৰামানল আৰু শ্ৰীচৈতন্যই প্ৰসাদ পায়েই খালে, শঙ্কৰদেৱে নাখাই ৰৈ থকা দেখি তেওঁ লোকে তেওঁৰ দায় ধৰি তেওঁক কলে “তুমি প্ৰসাদ নাখাই পাপ সঞ্চয় কৰিলা।” শঙ্কৰদেৱে উত্তৰ দিলে “তোমালোকৰ কথা সঁচা বুলি মই মাধৱদেৱে তেওঁৰ ৰচিত যোত এই শ্লোকৰ পদ কৰি এনেকৈ লেখিছে- “হৰিৰ গৃহ যাৰে ৰেত্ৰৰ প্ৰহাৰ যোগ্য এল ইত্ৰ আদি দেৱজাক। হেন আৰ ৰেত্ৰ প্ৰহাৰ পাইৰাৰ বোগ্য হও আমি কেমন বৰাক।”