পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
 


কৃষ্ণ-কথাই মোৰ মনক আলোল কৰি আক্ৰমণ কৰি থৈছে, সেইদেখি ৰামৰ কথা কৈ থাকোতে কৃষ্ণৰ কথা ওলায়হি।” বাটত যাওঁতে এদিন ডাৱৰে আকাশ ওন্দোলাই অনা দেখি মাধৱে শঙ্কৰদেৱক কলে “বাপ, এতিয়াই খুব বৰষুণ আনিব।” শঙ্কৰদেৱে উত্তৰ দিলে “ডাৱৰ উৰি যাব, বৰষুণ নহয়।” সকলোৱে দেখি আচৰিত মানিলে যে ক্ষন্তেকতে ডাৱৰ নাইকিয়া হল। তাৰ পিছদিনা আকৌ অলপমান মেষ হোৱা দেখি শঙ্কৰদেৱে মাধৱক কলে “বঢ়াৰ পো, শীঘ্ৰে ঘৰ বিচাৰা, নহলে তিতিবা এতিয়া। বৰ বৰষুণ আহিব। মাধৱে কলে “বৰষুণ নহয় এতিয়া।” ইয়াৰ পিছতে বৰকৈ বৰষুণ আনিবলৈ ধৰিলে, আৰু শঙ্কৰদেৱ ভকতসকলেৰে সৈতে আধা-তিতা হৈ এজন ক্ষত্ৰিয়ৰ ঘৰত সোমালগৈ। শঙ্কৰদেৱে হাঁহি মাধৱক কলে “তুমি কৈছিলা দেখোন বৰষুণ নানে বুলি, এতিয়া তিতি আহিলা কিয়?”

 বাটত যাওঁতে কবীৰাৰ ঘৰ পাই, শঙ্কৰদেৱে কবীৰাৰ কোন আছে বুলি শুধিলত, এজনী তিৰুতা মানুহে ওলাই আহি ভক্তিভাৱে কলে যে তেওঁ কবীৰাৰ নাতিনীয়েক। শঙ্কৰদেৱে কবীৰা কেনেকৈ আছিল, কেনেকৈ মৰিল, ইত্যাদি সকলো বৃত্তান্ত তেওঁক ভালকৈ শুধিলত তেওঁ কলে- “--মোৰ পিতামহ কথা। মালীৰ ঘৰত, কায়স্থ কুলত, জনম লভিল তথা॥ অতি শিশুকালে, পিতামাতা দুই, প্ৰাণক ছাড়িয়া গৈল। ৰক্ষক নাছিল, দেখি নিকটৰ, যৱনে তুলিয়া লৈল॥ বয়স ভৈলন্ত, ৰূপ গুণৱন্ত, পঢ়িল ধৰম শাস্ত্ৰ। ভাগৱত ধৰ্ম্মে, ভৈলন্ত নিৰত, হিন্দুধম্মে সদা ৰত॥ কৃষ্ণ যশচয়, কবিতা কৰয়, হৰিৰ ভকতি কৰি। ফুৰন্তে আসিয়া, কাল ভৈল তান, বৈকুণ্ঠক গৈলা লৰি ॥যৱন বুলিয়া, হিন্দুৱে নোছোৱে, যৱনে হিন্দু বুলিয়া। নুছুইবাৰ দেখি, গঙ্গাৰ জলত, পেলাইলোঁ আমৰা নিয়া॥ স্ৰোতে উটি গৈলা, চৈতন্য গোসাঁইৰ, ঘাটত চাপিলা যেবে। ভকতক দিয়া, দয়ালু গোসাঁই, পোতাইয়া থৈলা তেবে॥ নদীয়াৰ ৰাজা অসন্তোষ মনে, চৈতন্যক ৰাগ কৈলা। মোৰ গুৰু হুইয়া, যৱন জনক পশিয়া পোতাইয়া থৈলা॥ চৈতন্য বদতি, শুনা নৰপতি, নোপোতোঁ যৱনজন। মহন্ত ভকত, কবীৰা বৈষ্ণৱ, দেখিলে পাইবা প্ৰমাণ॥ নিজে গৈয়া ৰাজা, খাান্দিয়া দেখিলা, চতুৰ্ভুজ মূৰ্তিখান। কাষ্ঠময় হুইয়া, বসিয়া আছয়, গন্ধ ৰহে বিতোপন॥ আচৰিত মনে, ৰাজায়ো তেখনে, পোতাইলা কবৰ কৰি। মহা ভক্তিভাৱে, চৈতন্য নমি, চলিল নিজ নগৰী॥” .