পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


 কবীৰাৰ নাতিনীয়েকৰ মুখে কবীৰাৰ এই বৃত্তান্ত শঙ্কৰদেৱে শুনি, কবীৰাৰ কবৰ চাবৰ মন কৰি ঘৰৰপৰা ওলাই আহোতেই কবীৰাৰ নাতিনী- য়েকে লৰালৰিকৈ গিৰিয়েকৰ মূৰৰ পাগুৰিটো আনি শঙ্কৰদেৱৰ আগত পাতি দি, তাত তেওঁৰ চৰণৰ ধূলি দিবলৈ প্ৰাৰ্থনা কৰি কলে “মোৰ স্বামী বৰ দুৰ্ভগীয়া, তেওঁ আপোনাক দেখিবলৈ নাপালেহি। পিছত তেওঁ আহি শুনিলে মনত বৰ দুখ কৰিব। এতেকে এই তেওঁৰ পাগুৰিত আপোনাৰ ভৰিৰ ধূলি দিয়ক, তেওঁ আহিলে তেওঁক এই ধূলি নি দিম, তেওঁৰ মহা- ভাগ্য মিলিব।” এই কথা শুনি শঙ্কৰদেৱে প্ৰথমতে ৰামৰাম গুৰুক পাগুৰিত পাৱ দিবলৈ কলে। ৰামৰামে কলে “আপুনিহে দিব লাগে, মই নহয়। আপোনাৰ পদধূলি পালেহে তেওঁৰ সংসাৰ বন্ধন মোচন হব।” ইয়াৰ পিছত শঙ্কৰদেৱে পাগুৰিত পাৱ দিলত, কবীৰাৰ নাতিনীয়েকে বৰ যতন কৰি পাগুৰিটি তুলি নি থৈ দিলেগৈ। কবীৰাক পোতা ঠাই- ডোখৰ শঙ্কৰদেৱে তেওঁক দেখুৱাই দিবলৈ কলত কবীৰাৰ নাতিনীয়েকে দেখুৱাই দিলে। কবৰ যত আছিল সেই ডোখৰ শঙ্কৰদেৱে খনাই চাই দেখিলে যে তাত “নাহি আৰ একো, ৰক্তময় কাষ্ঠ, কবৰত আছিলন্ত।” শঙ্কৰদেৱে সকলোকে সেইডোখৰ দেখুৱাই আকৌ তাতে পোতাই থলে। ইয়াৰ পিছত শঙ্কৰদেৱে কবীৰাৰ কবৰৰ প্ৰতি প্ৰণাম কৰিবলৈ সকলো ভকতক কলত, সকলোৱে প্ৰণাম কৰিলে, কিন্তু ৰামৰায়ে মনত বিষম ভাবি নকৰিলে। অলপ বাট গৈয়েই ৰামৰায়ে চকুৰে নেদেখা হলত, শঙ্কৰদেৱে তেওঁক কলে “তুমি উভতি গৈ কবীৰাৰ নাম ধৰি তেওঁৰ কবৰত প্ৰণাম কৰি আহাগৈ।” ৰামৰায়ে শঙ্কৰদেৱৰ আজ্ঞামতে তেনে কৰিলতহে তেওঁৰ চকু ভাল হল।

 এদিন এওঁলোক যাওঁতে দেখিলে যে বাটৰ কাষতে হালোৱা এটাই হেঃ হেঃ কৰি হালৰ গৰু খেদাই আছে। ঠাকুৰ আতাই হালোৱাটোৰ আগত থিয় দি তাক কলে “হেঃ হেঃ নুবুলি ৰামৰাম বোল। হালোৱাই কোনোমতে নোবোলে, নাৰায়ণ ঠাকুৰেও তাক নুবুলিলে নেৰে, কত বুজাইছে। শেহত হালোৱাই নিৰুপায় হৈ কলে “মোক এৰি দিয়া, মই বুলিলোঁ ৰাম।” সি ৰাম বুলিলতহে নাৰায়ণ ঠাকুৰে ৰং পাই তাক এৰি গুচি আহিল।

 শঙ্কৰদেৱ বাটত যতে ৰাতি থাকি যায়, ততে তেওঁ ৰাতি শয়ন কৰোঁতে নিদ্ৰিতাৱস্থাত হৰিনাম উচ্চাৰণ কৰি থাকে দেখি আন আন যাত্ৰীসকলে