১৩৮ এশদেৱ আৰু শ্ৰীমাধৱদেৱ গোসাই কোন মুখে কৰিলে ৰাৱ। জগত জুৰিয়া হৰি আছেন দেখি কোন স্থানে দিলেন পাৱ।" এই প্ৰশ্ন শুনি মাধৱদেৱে উত্তৰ দিলে- “হৰিৰ আজ্ঞাত আসি আছে। আমি পৃথিবীত দিয়া পাৱ। হৃদয়ৰ ভিতৰত হৰি আছে, তুমি বিচাৰি চাও।” পুনৰায় নিত্যানন্দই প্ৰশ্ন কৰিলে— “কোন দেশে গোসই কোন দেশে যাও। কোন মুখে ভিক্ষা মাগি কোন মুখে খাও।” মাধৱদেৱে উত্তৰ দিলে-“পুৰ দেশৰ গোসাঁই পশ্চিম দিশে যায়। গুৰুৰ মুখে ভিক্ষা মাগি আপোন মুখে খায়। ইয়াৰ পিছত শঙ্কৰ আৰু চৈতন্য ‘দুয়ো দুইহান্তক দেখি আছিল ৰই। চকুৰ লোতক বহে প্ৰেমান হই আছিলন্ত জাৰি গোট হাতে চৈতন্যৰ। ভুমিত বাকিলা জল কৰি সৰ। সিতে জল চাপৰ থানত বহি গৈলা। হাসিয়া শঙ্কৰ গুৰু নামাতি চলিলা।" এদিন পথত যাওঁতে ৰামৰাযে শঙ্কৰদেৱক শুধিলে “দদা, ৰামৰ চৰিত্ৰ কাহিনী কওক।” শঙ্কৰদেৱে ৰামৰ চৰিত্ৰ কৈ থাকোঁতে, তাৰকাৰ বধৰ কথা পালতহি, লাহেকৈ তাৰপৰা পিছলি পুতনা বধৰ কথা কবলৈ ধৰিলে। ৰামৰায়ে আশ্চৰ্য্য হৈ শুধিলে দদা, তুমি দেখোন ৰামৰ কথা এৰি কৃষ্ণৰ কথা কবলৈ ধৰিলা?" এইকথা শুনি শঙ্কৰদেৱে ভায়েকক কলে “বোপা, বৰদোৱাৰপৰা পোৱা চৰিত্ৰত এই বিৱৰণৰ অলপ লৰ আছে। তাত আহে যে শঙ্কৰদেৱে পুৰীত হে চৈতনাৰ ওচৰলৈ যাওঁতে এই ফকৰা দিয়া হৈছিল। লেখা মতে তলত দিলো।-“ক্ষেত্ৰ স্থানৰ পৰা ধূলাবনলৈ যাবৰ ইচছা হোৱাত কোনো এদিন ভকতসকলৰ সহিতে শঙ্কৰদেৱে চৈতন্য গোসাঁইৰ মন্দিৰলৈ যাবলৈ সাজু হৈ, মাধৱ- দেৱক কৈছে, বঢ়াৰ পপ, ফকৰা দিবলৈ প্ৰস্তুত হবা। মাধৱে গুৰুদেৱত জনাইছে, আপো- নাৰ দাসে গুৰুৰ কৃপা থাকিলে কোনো কথালৈ ভয় নকৰে॥ তেওঁলোকে ফকৰা দিয়ে যদি তোৰাৰ দাসৰ মুখৰ পৰাও বাহিৰ হব। চৈতন্যদেৱৰ নিত্যানল, শৰদেৱৰ বললাম আলৰা। নিতাৰে ফকৰা দিছে “কোন দেশৰ বৈৰাগী কোন দেশে যায়। মুখে ভিক্ষা মাগি কোন মুখে খায়।” লৰামে উত্তৰ দিছে-“পূৰ দেশৰ বৈৰাগী পশ্চিম দিশে যায়। গুৰুৰ মুখে ভিনা মাগি নিজ মুখে খায়। আকৌ নিত্যানন্দই কৈছে- “কোন দেশৰ বৈৰাগী কি বুলি কৰিছে ৰাও। সকলো জগৎ হৰিময় দেখে কত দি আহিল পাৱ।" বলোৰামে উত্তৰ দিলে-“পুৰ দেশৰ বৈৰাগী ৰাৰ বুলি কাঢ়িছে নাও। হয় মাজে ৰ কৃষ্ণ আপুনি বিচাৰি চাও।” এইদৰে ফকৰা শেষ হলত গুৰু ঈশ্বৰে চৈতন্যদেব মন্দিৰত প্ৰৰো হৈছে। চৈতন্যই আসন দি সম্ভাষণ কৰি সি নু সমুখত দিয়েছি। শৰণেৰে পানু দেখি কেচা হওক বুলি কোৱাত সম নু খান কেচা হৈছে। গৌৰাত প্ৰভুকে দেখি শঙ্কৰদেৱ শৰ শক্তি বুলি প্ৰশংসা কৰি অতি সদনে বিদায় দিচ্ছে।