পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


বেপাৰ কৰিছে।" শঙ্কৰদেৱে কলে ‘‘আমাৰো কৰাঁ।” এইকথা শুনি মাধৱদেৱে এই গীতাটি ৰচি গালে-

“বেসায়ো ভাৰতে হাট, আউৰ বেলি নাটে।
চলিতে নিকট ভৈয়ো ভৰা দিয়া জান্টে॥
    * * *
ভাৰত পাটত নৰ নাও পচি যায়।
হয়ো সাৱধান কৃষ্ণ কিঙ্কৰে গায়।”

 ভকতসকলেৰে এইদৰে পদব্ৰজে গৈ থাকোতে এদিন শঙ্কৰদেৱে কেতবোৰ ঢুলিয়াই ঢোল বজোৱা শুনি মাধৱদেৱক শুধিলে “বঢ়াৰ পো, সেয়া কি কৰিছে?” মাধৱদেৱে কলে “বাপ, ঢোল বজাইছে।" শঙ্কৰ- দেৱে এই কথা শুনি মাধৱক কলে ‘বঢ়াৰ পো, আমাৰো বাব লাগিল।” এই বাণী শুনি মাধৱে তেতিয়াই এই গীতটি ৰচনা কৰি গালে-

‘মুকুন্দ মাধৱ মুৰাৰি মধুৰিপু,
জগত জীৱন ৰাম হৰি হৰি।” ইত্যাদি।

 এঠাইত এজনে কৃষি কৰা দেখি শঙ্কৰদেৱে মাধৱক শুধিলে- “বঢ়াৰ পো, লোকটিয়ে কি কৰিছে?” মাধৱে উত্তৰ দিলে--“বাপ, কৃষি কৰিছে। “তেন্তে আমাৰো কৰা।” এইকথা শুনি মাধৱদেৱে এই গীতটি ৰচনা কৰি গালে-

“কিৰিষি কৰ আল মনাই।” ইত্যাদি।

 মাধৱদেৱে এই গোটেই বাটতো তেওঁৰ নিত্যকৰ্ম্ম গুৰুসেৱা সমান ভাৱে চলাই আহিছিল। ৰাতি গুৰুক খুৱাই-বৱাই শুৱাই গুৰুৰ ভৰিত তেল ঘহি আঁতাই আহিহে তেওঁ নিজৰ ভোজনৰ দিহা-পোহা কৰিছিল। নিজে ভোজন কৰি আহি শঙ্কৰদেৱৰ ভৰি পথানত বেলেগে নিজৰ শয্যা কৰি, গুৰুৰ চৰণ দুটি সাবটি ধৰি গুৰুৰ জাৰ গুচাই শুইছিল।

 কিছুদিনৰ পিছত তেওঁলোকে গঙ্গাতীৰ পাই গঙ্গাত স্নান দান কৰিলে। চৰিত্ৰ পুথিত আছে, বাটত নৱম্বীপত চৈতন্যৰ ঘৰত শঙ্কৰদেৱ উপস্থিত হলত, চৈতন্যই শঙ্কৰদেৱ অহা শুনি নিত্যানন্দৰে সৈতে ঘৰৰপৰা আথে- বেথে ওলাই আহিল। নিত্যানন্দই শঙ্কৰদেৱক শুধিলে-“কোন দেশেৰ