পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ উদাৰক যেতিয়া সেইদিনা তেওঁৰ খোৰাকী দিয়া হল, উদাৰে নিনিত শৰদেৱে তাৰ কাৰণ শুধিলত, উদাৰে কলে, যে তেওঁৰ হাতত দুজনাৰ কড় আছিল, তাকে ভাঙি তেওঁ তেওঁৰ আহাৰৰ বস্তু আনিছে। এই কথা শুনি শঙ্কৰদেৱে উদাৰক শুধিলে, “তেন্তে তুমি অথনি আমাৰ আগত মিছা কৈছিলা কিয়?” উদাৰে উত্তৰ দিলে “তাকৰীয়া কডি আছিল দেখি লাজতে নাই বুলি কৈছিলোঁ।" এই কথা শুনি শঙ্কৰদেৱে উদাৰক কলে “তেনেহলে তুমি মিছ কোৱা বাবে তোক আমি এৰিলোঁ।” ইয়াৰ পিছত উদাৰ গোবিল শঙ্কৰদেৱৰ সঙ্গত যাবলৈ নাপাই সাত দিনৰ বাট লোকৰ পিছে পিছে হাবিযে হাবিযে গৈছিল। উদাবৰ এনে দুৰ্গতি দেখি সকলো ভকতে শঙ্কৰদেৱৰ ওচৰত উদাৰৰ দোষ ক্ষমা কৰিবলৈ প্ৰাৰ্থনা কৰিলতহে শঙ্কৰদেৱে উদাৰক ক্ষমা কবিলে। সেই দিনাৰপৰা উদাৰ-গোবিন্দই সমূলি মিছা নোকাৱা হল। বাটত যাওঁতে এদিন শঙ্কৰদেৱে দেখিলে, ব্যাধৰ জালত এটা হৰিণ পৰি আছে। তেওঁ তেতিযাই আধলি এটা ব্যাধক দি হৰিণটো মোকোলাই দিলে। এদিন তেওঁ এটা মানুহে চিটিকা পাতি চৰাই এটা ধৰা দেখি চাৰিপোন কড়ি দি তাৰপৰা চৰাইটো কিনি লৈ এৰি দিলে। আৰু এঠাইত এই দৰে আৰু এটা চৰাই মেলাই দিয়ালে। এদিন তেওঁলোকে এখন গাৱৰ মাজৰ বাটেদি যাওঁতে শঙ্কৰদেৱে দেখিলে যে এঠাইত কিছুমান পণ্ডিতে একত্ৰ হৈ বহি শাস্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰিব লাগিছে। মাধৱদেৱক শঙ্কৰদেৱে শুধিলে “বঢ়াৰ পো, সেইখন কিহৰ মেল?” মাধৱে উত্তৰ দিলে “বাপ, শাস্ত্ৰ অৰ্থ ব্যাখ্যা হৈছে।” এই কথা শুনি শঙ্কৰদেৱে কলে “বঢ়াব পো, আমাৰৰ অৰ্থ ব্যাখা কৰা।” গুৰুৰ অজ্ঞা পালি মাধৱদেৱে এই গীতটি ৰচনা কৰি গালে শুনলো পণ্ডিত! হৰিকথা সেৱাৰসে থিৰ কৰু চিত।

ভকতি সমান বলী নাহি নাহি আৰ। কহয় মাধৱ গতি নন্দৰ কুমাৰ।” এঠাইত এজন লোকে বাণিজ্য কৰা দেখি শৱদেৱে মাধৱদেৱক শুধিলে “বঢ়াৰ পো, সেয়া কি কৰিছে?” মাধৰে উত্তৰ দিলে “বাপ,