শ্ৰীশৰদেৱ আৰু মাধৱদেৱ ১০৩ যলৈ গৈ সেইদিনা কাপোৰ বোৱালে। সেই দিন ব্ৰহ্মামোহন লীলা বোওৱা হৈছিল। আন দিনা শঙ্কৰদেৱে এবেগতহে বোৱাব পাৰে, সেইদিনা মাধৱদেৱে এবেগত চাৰি আঙ্গুল বোৱালে। কাৰ্ষণ চচিচ মাধৱদেৱে উভতি গৈ শঙ্কৰদেৱক প্ৰণাম কৰি সেই দিনাৰ কামৰ কথা কলত, শঙ্কৰদেৱে মাধৱক প্ৰশংসা কৰি কলে, “মাধৱ, তুমি মই বেওৱাতকৈ বঢ়াই বোৱালা, এইবাবে মই আজিৰপৰা তোমাৰ নাম বঢ়াৰ-পে দিলো।” শঙ্কৰদেৱে নাৱেৰে নিতৌ কাৰ্ষণ চচিবলৈ তাঁতীকুচিলৈ গৈছিল। বাটত ভীম বামনৰ ঘৰ পোৱা যায়। বাযনব ঘৈণীযেক জনমৰ খুৰী চাকুলী কুঁজী আছিল। দিনৌ শঙ্কৰদেৱে যাওঁতে শুনিবলৈ পায় যে বায়নৰ ঘৈণীযেকে সসকবে কীৰ্ত্তনৰ পদ গাব লাগিছে। শঙ্কৰদেৱে সেই পদ শুনিলেই নল খাগৰিৰ পাতত ধৰে আৰু সেৱক নাৱৰীযা সকলে তেওঁৰ নাওখন ৰাগে। চৰিত্ৰত আছে, যে এদিন বাসনৰ ঘৈণীয়েকে সমাজিকত তেওঁক গুৰজনে ধৰি পোন কৰা যেন দেখিলে। আচৰিত কথা যে তেওঁ সাৰ পালতে দেখিলে, যে তেওঁৰ আৰু পূৰ্বৰ ৰোগ নাই। তেওঁ বাতিয়েই স্বামীক জগাই স্বামীৰ হতুৱাই চোৱালত বায়নে দেখি আচৰিত মানিলে। পিছদিনা পুৱা দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গৈ এই ঘটনা জনালত, শঙ্কৰদেৱে আনন্দত হাস্য কৰি কলে যে ঈশ্বৰ কৃষ্ণৰ কৃপাত তুমি আবোগ্য হলা।” এদিন শঙ্কৰদেৱে মাধৱদেৱ আৰু নাৰায়ণ ঠাকুৰ আদি ভক্ত সকলেৰে কাৰ্ষণ কৰিবলৈ যাওঁতে বাটত নাৰায়ণ ঠাকুবক কলে, “নাৰাযণ, তুমি এটি কবিতা কৰ॥” নাৰায়ণ ঠাকুৰে গুৰুৰ অজ্ঞাত এটি তোট কৰিলে। মাধৱদেৱক তেওঁক এটি কবিতা কৰিবলৈ কলত, মাধৱে “জয গুৰু শঙ্কৰ, সৰ্ব গুণাকৰ, যাকেৰি নাহি উপাম,” ইত্যাদি এই গুৰু ভটিমাটি চা কৰি গালে। এদিন শঙ্কৰদেৱে কাম্ষণ ঘৰলৈ যাবলৈ ধৰোঁতে দেখিলে যে নাৱৰ তলিত যি অলপ পানী আছিল সেই পানীত ৰাম ৰাম গুৰুৰ ভৰি লাগিল। ব্ৰাহ্মণৰ পদম্পৰ্শ হোৱা বাবে, শঙ্কৰদেৱে সন্মান প্ৰদৰ্শন কৰি সেই জলত ভৰি নিদি তাক সিচাই পেলাই দিহে নাৱত উঠিল। বৃন্দাবনীয়া কাপোৰখন প্ৰস্তুত হৈ উঠিলত, শঙ্কৰদেৱে সেইখন নিজৰ ঘৰলৈ লৈ আহিল, আৰু তেওঁৰ পাটবাউলী থানৰ লোক সকলে দেখি