১০৪ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ বিময় মানিলে। কাপোৰখন ইমান ডাঙৰ দীঘল আৰু গধুৰ হৈছিল যে সেইখন মেলিবলৈ, সামৰিবলৈ, বান্ধিবলৈ, ভুলিবলৈ তিনি কুৰি মানুহ লাগিছিল। শঙ্কৰদেৱে ইয়াৰ পিছত কাপোৰখন লৈ গৈ নবনাৰায়ণ আৰু শুক্লক দিলত, তেওঁলোকে ৰাজ সভাত তাক মেলাই চাই পৰম সন্তোষ লভি শঙ্কৰদেৱৰ ক্ষমতা দেখি বিস্ময় মানিলে। পটৰ প্ৰত্যেকটো ঘটনা শঙ্কৰদেৱে শুৱলাকৈ ৰজাক বুজাই দিলে। ৰাজ সভাৰ বাহ্মণসকলে অসূয়া পৰবশ হৈ তাত খুঁত ধৰি দোষ দেখুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু শঙ্কৰৰ সৈতে শাস্ত্ৰৰ তৰ্কত তেওঁলোক একেবাৰে পৰাভূত হৈ বিষ বদনেবে সভাঘৰ এৰি যাব লগীয়াত পৰিছিল। নৰনাৰায়ণে শঙ্কৰদেৱৰ এই কাৰ্যত বৰ সন্তোষ পাই আকৌ ডাঢ়াই শঙ্কৰক কলে “চলিয়োক ঘব আবে দিলোঁ ৰাজ্য খণ্ড। বৰাঁ। তুমি গুণ দোষে দিব দণ্ড | তোমাৰ আজ্ঞাতে চলিবেক সবে প্ৰজা। বিদায় দিলন্ত সেহিমতে মহাৰাজা।” ৰজাই শঙ্কৰদেৱক এইদৰে ক্ষমতা দি সান সৎকাৰ কৰা দেখি চিলাৰায় আৰু তেওঁৰ পত্নী ভুবনেশ্বৰীৰ আনন্দৰ পাৰ নোেহোৱা হ'ল। ভুবনেশ্বৰীয়ে বৰদেউতাক শঙ্কৰদেৱৰ চৰণত পৰি প্ৰাৰ্থনা কৰিলে, যে তেওঁক যেন এখন শাস্ত্ৰ ৰচনা কৰি দিয়া হয়, যত ঈশ্বৰৰ উৎপত্তি, লীলা আৰু প্ৰলয় থাকে। শঙ্কৰদেৱে পাটবাউসী পাই মাধৱদেৱক এই শাস্ত্ৰ ৰচনা কৰিবলৈ কলত, মাধৱদেৱে গুৰুবাক্য শিৰত ধৰি সাত শ পদেৰে “জন্ম- ৰহস্য” পুথি ৰচনা কৰি আনি শঙ্কৰদেৱৰ হাতত দিলে। শঙ্কৰদেৱে পুথিখন দেখি কলে যে “তিৰোতমানুহে সাত-শ পদৰ ইমানখন ডাঙৰ পুথি কেনেকৈ পঢ়িব?” মাধৱদেৱে এই কথা শুনি ৭০০ পদৰ ৪০০ তাকৰাই দি তাক ৩০০ কৰিলে। যিবোৰ কথা বাহুল্য হৈ আছিল, সেইবোৰ সংক্ষেপ কৰি পেলাই মাধৱদেৱে পুথিখন আনি আকৌ শঙ্কৰদেৱৰ হাতত দিলত শঙ্কৰদেৱে বৰ সন্তোষ পাই তেওঁক কলে,-“মাধৱ তুমি ধন্য। তুমি সুন্দৰ শাস্ত্ৰখনি কৰিলা। তুমি বঢ়াক টুটাব পাৰা, টুটাক বঢ়াৰ পাৰ। মই কিন্তু বঢ়াৰহে পাৰে॥” এইদৰে মাধৱক প্ৰশংসা কৰি, শৰদেৱে ৰামৰায়ক মাতি আনি “জন্মৰহস্য" পুথিখন দি কলে “তুমি তোমাৰ কন্যালৈ পুথিখন পঠিয়াই দিয়া; তেওঁৰ প্ৰাৰ্থনা মতেহে এই পুথি ৰচনা কৰা হৈছে।” বাপেকে পুথিখন লৈ গৈ জীয়েকক দিলত, জীয়েক ৰাৰাণীয়ে মহা আনন্দ লভি কৃতাৰ্থ হল।